September 4, 2026 11:49 AM | India-Belgium

printer

বেলজিয়ামৰ প্রধানমন্ত্রী বার্ট ডে বেভাৰৰ সৈতে দেশ দুখনৰ মাজত বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক বাণিজ্য সন্দর্ভত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আলোচনা

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কালি বেলজিয়ামৰ প্রধানমন্ত্রী বার্ট ডে বেভাৰক সাক্ষাৎ কৰি দেশ দুখনৰ মাজত বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক বাণিজ্য সন্দর্ভত আলোচনা কৰে।

দেশ দুখনে সমাগত ৫ বছৰত দুয়োখন দেশৰ মাজৰ ব্যৱসায় দুগুণ কৰাৰ লক্ষ্য নির্ধাৰণ কৰিছে। তেওঁলোকে লগতে সন্ত্রাসবাদৰ মুখামুখি হোৱাৰ বাবে উমৈহতীয়া আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সমর্থনৰ বাবে তেওঁলোকৰ দায়বদ্ধতা দোহাৰিছে।

কোনো ধৰণৰ সন্ত্রাসবাদ আৰু ইয়াৰ লগত জড়িত কার্যকলাপ কেতিয়াও সহ্য কৰা নহ’ব বুলি দৃঢ়তা প্রকাশ কৰি আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে।

দুয়োগৰাকী নেতাৰ মাজত আলোচনা হোৱাৰ পাছত এই সন্দৰ্ভত জাৰি কৰা এটা যুটীয়া বিবৃতিত এইবুলি প্ৰকাশ কৰা হৈছে যে সীমান্তৰ সীপাৰৰ সন্ত্রাসবাদকে ধৰি বেলজিয়ামে সন্ত্রাসবাদ বিৰোধী যুঁজত ভাৰতক সমর্থন কৰি যাব বুলি প্ৰকাশ কৰিছে।

দুয়োগৰাকী প্রধানমন্ত্রীয়ে লগতে ইউক্রেইন আৰু পশ্চিম এছিয়াৰ সংঘাতৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন গুৰুত্বপূর্ণ বিষয় সন্দৰ্ভত মত বিনিময় কৰে। আলোচনা আৰু কূটনীতিৰ জৰিয়তে ইউক্রেইনৰ যুদ্ধৰ অৱসানৰ বাবে এটা উমৈহতীয়া প্ৰয়াস চলোৱাৰ ক্ষেত্রত দুয়ো পক্ষই মত প্রকাশ কৰে। পশ্চিম এছিয়াৰ বৰ্তমানৰ পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰি দুয়োপক্ষই শান্তিপূর্ণভাবে আলোচনা আৰু কুটনৈতিক প্রয়াস চলোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

অঞ্চলটোৰ সামুদ্রিক পথৰে সুকলমে জাহাজ চলাচলৰ ক্ষেত্ৰত সুৰক্ষা সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাৰত আৰু ইউৰোপীয় সংঘৰ কৌশলগত অংশীদাৰিত্বৰ ক্ষেত্ৰত ভাৰত আৰু বেলজিয়ামৰ সম্বন্ধই এটা বিশেষ তাৎপর্য বহন কৰিছে।

তেওঁলোকে চলিত বর্ষব ২৭ জানুৱাৰীত ভাৰত ইউৰোপীয় সংঘৰ সম্মিলনৰ সময়ত ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত মুক্ত বাণিজ্য চুক্তি সম্পন্ন হোৱাৰ বাবে শুভেচ্ছা জনায়।

দুয়োখন দেশৰ মাজত সামগ্ৰিক আৰু বন্দৰৰ কৌশলগত গুৰুত্বৰ কথা উল্লেখ কৰি নৌ বন্দৰ বিকাশ, সামগ্ৰী পৰিবহন, যোগাযোগ আদিৰ সন্দর্ভত আলোচনা কৰে।

প্ৰতিৰক্ষা সহযোগিতাৰ ক্ষেত্ৰত দেশ দুখনৰ প্ৰতিৰক্ষা মন্ত্ৰী দুগৰাকীৰ মাজত সম্পাদিত চুক্তিক তেওঁলোকে শুভেচ্ছা জনায়। দুয়োগৰাকী নেতাই লগতে দেশ দুখনৰ মাজত পুনৰ নৱীকৰণযুক্ত শক্তিৰ সহযোগিতাৰ বুজাবুজিৰ চুক্তি সম্পাদনৰ বিষয়টো সন্তুষ্টি প্রকাশ কৰে।