মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটী মহানগৰীৰ বেটকুছিত উপস্থিত হৈ অঞ্চলটোৰ বাট-পথ, নলা নর্দমা আদি পৰিদর্শন কৰে। পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীয়ে স্থানীয় ৰাইজৰ সৈতে তেওঁলোকে সন্মুখীন হোৱা সমস্যাসমূহ সন্দৰ্ভত আলোচনা কৰে। তেওঁ নির্দিষ্ট সময়ত এই সমস্যাসমূহ সমাধানৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। বেটকুছিৰ শিৱশক্তি নগৰত আয়োজিত সভাত মুখ্যমন্ত্ৰীয়ে ভাষণ দিয়ে। এই অনুষ্ঠানত বিধায়ক তৰংগ গগৈ, কমলেক্ষ দে পুরকায়স্থ, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ লগতে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে।
Assamese | July 16, 2024 12:22 PM | CMO Assam | himanta bisha sarma
বেটকুছিত উপস্থিত হৈ অঞ্চলটোৰ বাট-পথ, নলা নর্দমা আদি পৰিদর্শন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ