September 18, 2026 8:18 PM | air force | Tejas

printer

বেংগালুৰুত হিন্দুস্তান এৰোনটিক্স লিমিটেডে ভাৰতীয় বায়ু সেনা আৰু পবনহংসক কেইবাখনো গুৰুত্বপূৰ্ণ বিমান আৰু হেলিকপ্তাৰ অৰ্পন কৰে

বেংগালুৰুত আজি ৰাজহুৱা খণ্ড বিমান নির্মাতা হিন্দুস্তান এৰোনটিক্স লিমিটেডে ভাৰতীয় বায়ু সেনা আৰু পবনহংসক কেইবাখনো গুৰুত্বপূৰ্ণ বিমান আৰু হেলিকপ্তাৰ অৰ্পন কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং এই অর্পণ অনুষ্ঠানত উপস্থিত থাকে। হিন্দুস্তান এৰোনটিক্স লিমিটেডে বায়ুসেনাক লঘু যুঁজাৰু বিমান তেজছৰ দুখন আসন বিশিষ্ট প্রশিক্ষণ আৰু এইছ টি টি-৪০ বুনিয়াদী প্রশিক্ষণ বিমান অর্পণ কৰে।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এইছ টি টি-৪০ বিমানখনক অংকুৰ নামেৰে অভিহিত কৰে। বিমানাকাশ আৰু প্ৰতিৰক্ষা খণ্ডৰ কোম্পানীটোৱে লগতে ৰাজহুৱা খণ্ডৰ পৰ্বনহংস লিমিটেড নামৰ কোম্পানীটোৰ পৰৱৰ্তী প্ৰজন্মৰ ধ্ৰুৱ হেলিকপ্তাৰ প্ৰদান কৰে।

প্ৰতিৰক্ষা মন্ত্রালয়ে এই বিমান আৰু হেলিকপ্তাৰ কেইখনৰ অন্তর্ভুক্তিয়ে থলুৱা সামর্থ্য বৃদ্ধি কৰাৰ লগতে বিদেশী উৎসৰ ওপৰত নিৰ্ভৰশীলতা হ্রাস কৰিব বুলি মত প্রকাশ কৰিছে। চৰকাৰে প্ৰতিৰক্ষা আৰু বিমানাকাশ খণ্ডত থলুৱা আৰ্হি, বিকাশ আৰু নিৰ্মাণৰ প্ৰসাৰত অগ্ৰাধিকাৰ দি আহিছে বুলি মন্ত্রালয়ে লগতে উল্লেখ কৰে।