September 18, 2026 8:18 PM

views 2

বেংগালুৰুত হিন্দুস্তান এৰোনটিক্স লিমিটেডে ভাৰতীয় বায়ু সেনা আৰু পবনহংসক কেইবাখনো গুৰুত্বপূৰ্ণ বিমান আৰু হেলিকপ্তাৰ অৰ্পন কৰে

বেংগালুৰুত আজি ৰাজহুৱা খণ্ড বিমান নির্মাতা হিন্দুস্তান এৰোনটিক্স লিমিটেডে ভাৰতীয় বায়ু সেনা আৰু পবনহংসক কেইবাখনো গুৰুত্বপূৰ্ণ বিমান আৰু হেলিকপ্তাৰ অৰ্পন কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং এই অর্পণ অনুষ্ঠানত উপস্থিত থাকে। হিন্দুস্তান এৰোনটিক্স লিমিটেডে বায়ুসেনাক লঘু যুঁজাৰু বিমান তেজছৰ দুখন আসন বিশিষ্ট প্রশিক্ষণ আৰু এইছ টি টি-৪০ বুনিয়াদী প্রশিক্ষণ বিমান অর্পণ কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এইছ টি টি-৪০ বিমানখনক অংকুৰ নামেৰে অভিহিত কৰে। বিমানাকাশ আৰু প্ৰতিৰক্ষা খণ্ডৰ কোম্পানীটোৱে লগতে ৰাজহুৱা খ...