August 1, 2026 8:36 PM | modi on andhra

printer

বৃহৎ আন্তঃগাঁথনি তথা ঔদ্যোগিক বিকাশৰ জৰিয়তে অন্ধ্রপ্রদেশ দ্রুতগতিত উন্নয়নৰ দিশে আগবাঢ়িছেঃ প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বৃহৎ আন্তঃগাঁথনি তথা ঔদ্যোগিক বিকাশৰ জৰিয়তে স্বৰ্ণ অন্ধ্ৰ আৰু বিকশিত ভাৰতৰ সপোনক বাস্তৱায়িত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ। ভোগমপুৰমত আল্লুৰী সীতাৰাম ৰাজু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ মুকলি কৰাৰ পাছত এখন জনসভাক সম্বোধি প্রধানমন্ত্রী মোদীয়ে কয়, যে অন্ধ্রপ্রদেশ উন্নয়নৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে। 

তেওঁ কয়, যে বিমানবন্দৰ, পথ আৰু শক্তি আন্তঃগাঁথনিকে ধৰি প্ৰায় ১৮ হাজাৰ কোটি ব্যয় সাপেক্ষে ৰূপায়ণ হ’বলগীয়া বিভিন্ন উন্নয়নমূলক প্ৰকল্পই কেন্দ্ৰ আৰু ৰাজ্যৰ এন ডি এ চৰকাৰৰ শাসনকালত হোৱা ৰাজ্যখনৰ দ্ৰুত উন্নয়নৰ দিশটোকে প্ৰতিফলিত কৰিছে।

প্রধানমন্ত্ৰীয়ে নতুন বিমানবন্দৰক অন্ধ্ৰপ্ৰদেশৰ বিশেষকৈ উত্তৰ অন্ধ্ৰপ্ৰদেশৰ বিকাশৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি অভিহিত কৰিছে। তেওঁ কয়, যে এই বিমানবন্দৰে ৰাজ্যখনৰ যুৱ প্ৰজন্মৰ আশা-আকাংক্ষাক নতুন গতি প্ৰদান কৰিব। স্বাধীনতা যুঁজাৰু আৰী সীতাৰাম ৰাজুৰ নামেৰে বিমানবন্দৰটো নামকৰণ কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে স্বাধীনতা সেনানীগৰাকীৰ নামে ভৱিষ্যতৰ প্ৰজন্মক মানৱসেৱা আৰু দেশভক্তিৰ আদৰ্শৰে অনুপ্ৰেৰণা যোগাই থাকিব।

দেশৰ সম্প্ৰসাৰিত অসামৰিক বিমান পৰিবহণ খণ্ডৰ কথা উল্লেখ কৰে তেওঁ কয়, যে ২০১৪ চনত ৭৪টা কাৰ্যক্ষম বিমানবন্দৰ আছিল আৰু বৰ্তমান এনে বিমানবন্দৰৰ সংখ্যা ১৬৬টালৈ বৃদ্ধি পাইছে। তেওঁ কয়, যে উড়ান আঁচনিয়ে সাধাৰণ নাগৰিকৰ বাবে বিমান যাত্ৰা যথেষ্ট সহজ কৰি তুলিছে আৰু শেহতীয়াকৈ মুকলি কৰা দ্বিতীয় পৰ্যায়ৰ উড়ান আঁচনিয়ে আঞ্চলিক যোগাযোগ অধিক শক্তিশালী কৰি তুলিব।

 তেওঁ প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় প্ৰকল্পৰ অধীনত বন্দৰ, ৰাষ্ট্ৰীয় ঘাইপথ, ৰে’লপথ আদিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে অন্ধ্ৰপ্ৰদেশক বিকাশৰ গুৰুত্বপূৰ্ণ চালিকা শক্তি হিচাপে গঢ়ি তুলিছে। ৰাজ্যখনত ৭০টাতকৈও অধিক ৰে’ল ষ্টেচনৰ আধুনিকীকৰণ কৰা হৈছে আৰু প্ৰায় ১ লাখ কোটি টকাৰ ৰে’ল প্ৰকল্পৰ অধীনত কাম-কাজ অব্যাহত আছে।

ভৱিষ্যতে ৰাজ্যখন প্ৰযুক্তিৰ কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব বুলি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে বিশাখাপট্টমনত ছেমি কণ্ডাক্টৰ প্ৰকল্প, গুগলৰ প্ৰস্তাৱিত কৃত্রিম বুদ্ধিমত্তা, ক্লাউড আন্তঃগাঁথনি চৌহদ, নাক্কাপল্লিত ফার্মা পাৰ্কৰ লগতে সেউজ শক্তিত বিনিয়োগৰ কথাও উল্লেখ কৰে। শ্ৰীমোদীয়ে কয়, যে মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ নেতৃত্বত অন্ধ্ৰপ্ৰদেশে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁৰ দৃঢ় বিশ্বাসী। 

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰাম মোহন নাইডুৱে কয়, যে এই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে উত্তৰ অন্ধ্ৰপ্ৰদেশক উন্নয়ন, বিনিয়োগ আৰু নিয়োগৰ প্ৰৱেশদ্বাৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব। ৰাজ্যখনৰ মুখ্যমন্ত্রী এন চন্দ্রবাবু নাইডুৱে অন্ধ্ৰপ্ৰদেশক পুনৰ গঢ়ি তোলা আৰু উত্তৰ অন্ধ্ৰপ্ৰদেশৰ উত্তৰণৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়োৱাৰ বাবে প্ৰধান নৰেন্দ্ৰ মোদীৰ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।