বি টি চি নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছত বি পি এফ দলৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে আজি ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচাৰ্যক সাক্ষাৎ কৰে। সাংবিধানিক নিয়ম অনুসৰি মহিলাৰীয়ে একক সংখ্যাগৰিষ্ঠ দল হিচাপে বি পি এফৰ নেতৃত্বত বি টি চি চৰকাৰ গঠনৰ বাবে ৰাজ্যপালক দাবী জনায়। একেদৰে ইউ পি পি এল দলৰ মুৰববী প্রমোদ বড়োৱে ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্র দাখিল কৰে।
উল্লেখযোগ্য যে, বড়োলেণ্ডৰ ৫ খন জিলাৰ ৪০টা পৰিষদীয় সমষ্টিৰ নিৰ্বাচনত বি পি এফ দলে ২৮ খন আসন দখলেৰে একক সংখ্যাগৰিষ্ঠ দল হিচাপে নিৰ্বাচিত হৈছে। এই নিৰ্বাচনত প্রমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল দলে মাত্র ৭ খন আসনহে লাভ কৰিবলৈ সক্ষম হয়। শাসনাধিষ্ঠ বিজেপি দলেও কেৱল ৫ খন আসনহে লাভ কৰে।
Assamese | September 28, 2025 12:31 PM | BTC election
বি পি এফ দলৰ মুৰববী হাগ্ৰামা মহিলাৰীৰ ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচাৰ্যক সাক্ষাৎ