বি টি চিৰ বিধান পৰিষদত আজি ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে বাজেটত অনুমোদন জনোৱা হয়। পৰিষদৰ নিজা ৰাজহৰ উৎসৰে এই বাজেটত ১৬২ দশমিক ৮-৬ কোটি টকা ধাৰ্য কৰা হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে বি টি চিৰ মুৰববী তথা মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে বিটিচিয়ে লাভ কৰা মুঠ ৯১ কোটি ৩১ লাখ টকা আৰু মুঠ ব্যয় ১৬২ কোটি ৮৬ লাখ টকাৰ প্ৰস্তাৱেৰে আনুমানিক ৭১ কোটি ৮৪ লাখ টকাৰ ঘাটি বাজেট কালি বিধান পৰিষদত উত্থাপন কৰে।
বিধান পৰিষদৰ অধিবেশনৰ পাছত মুখ্য কাৰ্যবাহী সদস্য শ্রীমহিলাৰীয়ে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয় যে যদিও অর্থনৈতিক উৎসসমূহ তেনেই সীমিত তথাপি এই বাজেটৰ জৰিয়তে বি টি চি অঞ্চলৰ সকলো বিভাগৰ জৰিয়তে সর্বাঙ্গীন উন্নতিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তেওঁ লগতে কয় যে অঞ্চলটোৰ ধাৰাবাহিক উন্নয়নমূলক কাম আৰু জনকল্যাণমূলক আঁচনিসমূহ কাৰ্যকৰী কৰাৰ বাবে চৰকাৰ দায়বদ্ধ। ইপিনে, বিৰোধী ইউ পি পি এল দলে এই বাজেটৰ সমালোচনা কৰি জনসাধাৰণৰ কল্যাণমূলক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পৰাকৈ এই বাজেট ব্যৰ্থ হৈছে বুলি অভিযোগ উত্থাপন কৰে। দলটোৱে চৰকাৰক জনসাধাৰণকেন্দ্ৰিক পদক্ষেপ গ্ৰহণৰ লগতে তাক কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।