March 10, 2025 8:30 PM | Parliament Session

printer

বিৰোধী পক্ষৰ প্ৰতিবাদক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সদন স্থগিত

সংসদৰ বাজেট অধিবেশনৰ দ্বিতীয় পৰ্যায় আজি আৰম্ভ হোৱাৰ পাছতেই বিৰোধী পক্ষৰ প্ৰতিবাদক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সদন স্থগিত ৰাখিবলগীয়া হয়। কেন্দ্ৰীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে পি এম শ্ৰী আঁচনি সন্দৰ্ভত প্ৰকাশ কৰা বক্তব্যৰ বিৰুদ্ধে ডি এম কে আৰু কংগ্ৰেছৰ সাংসদসকলে প্ৰতিবাদ জনায়। ৪ এপ্ৰিললৈ চলিবলগীয়া এই অধিবেশনত ২০ খন বৈঠক অনুষ্ঠিত হ’ব।
বাজেট অধিৱেশনৰ প্ৰথম পৰ্যায় ৩১ জানুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈছিল। অধিৱেশনৰ আৰম্ভণিতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ভাষণ দিয়াৰ পাছত বিত্তমন্ত্রী নির্মলা সীতাৰমণে অধিৱেশনৰ প্ৰথম পৰ্যায়ত পহিলা ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট উত্থাপন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।