এটা বিশেষ ব্যৱসায়িক প্রতিষ্ঠানে উৎকোচ লোৱাৰ অভিযোগকে ধৰি অন্যান্য বিষয়ত বিৰোধী দলে প্ৰতিবাদ সাব্যস্ত কৰি হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰাৰ বাবে আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ১২ বজালৈ স্থগিত ৰখা হয় ৷ পুৱাৰ ভাগত সদন মিলিত হোৱাৰ সময়ত কংগ্ৰেছ, ডি এম কে, আৰ জে ডি আৰু বাওঁ দলকে ধৰি বিৰোধী সাংসদসকলে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে। অধ্যক্ষ ওম বিৰলাই প্ৰতিবাদী সদস্যসকলক সদনৰ কামকাজ চলাই নিয়াত সহায় কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, যে সদনৰ প্ৰশ্নকাল অতি গুৰুত্বপূৰ্ণ আৰু এই প্ৰশ্নকালত কোনো ধৰণৰ বিষয় উত্থাপন কৰিব নোৱাৰি। পাছত হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে অধ্যক্ষই সদনৰ কাৰ্যক্ৰমণিকা দিনৰ ১২ বজালৈ স্থগিত ৰাখে।
Assamese | December 9, 2024 1:02 PM | parliament | Today in Parliament
বিৰোধীৰ প্ৰতিবাদ আৰু হুলস্থূলীয়া পৰিৱেশৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ১২ বজালৈ স্থগিত