October 20, 2025 11:22 AM | Bihar Assembly Election

printer

বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন দাখিলৰ আজি অন্তিম দিন

বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ আজি অন্ত পৰিব। এই পৰ্যায়ত মুঠ ২৪৩ খন আসনৰ ভিতৰত ১২২টা সমষ্টিৰ বাবে ১১ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। আজি প্রথম পৰ্যায়ৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰো অন্তিম দিন। ৰাজ্যখনত অহা ৬ নৱেম্বৰত ১৮ খন জিলাৰ ১২১টা বিধানসভা সমষ্টিত প্রথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। ১৪ নৱেম্বৰত ভোটগণনা কৰা হ’ব।