ভাৰতীয় জনতা পাৰ্টিয়ে বিহাৰৰ সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ১৮ গৰাকী প্ৰাৰ্থীৰ নাম সন্নিবিষ্ট থকা তৃতীয়খন তালিকা প্রকাশ কৰিছে। তালিকা অনুসৰি সঞ্জয় পাণ্ডেই নার্কটীয়াগঞ্জ, উমাকান্ত সিঙে চানপাটিয়া, লালবাবু প্রসাদ গুপ্তাই ছিৰায়া, বীনা দেৱী ক’ছাধমন, সতীশ কুমাৰ যাদৱে ৰাঘ’পুৰ আৰু মুৰাৰী পাছোৱানে পীৰপইণ্টি আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। এইপর্যন্ত বিজেপিয়ে ৰাজ্যখনৰ ১০১ খন বিধানসভা আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।
Assamese | October 16, 2025 9:57 AM | Ahead of Bihar Elections
বিহাৰৰ সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ তৃতীয়খন প্ৰাৰ্থী তালিকা প্রকাশ