October 16, 2025 9:57 AM

views 56

বিহাৰৰ সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ তৃতীয়খন প্ৰাৰ্থী তালিকা প্রকাশ

ভাৰতীয় জনতা পাৰ্টিয়ে বিহাৰৰ সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ১৮ গৰাকী প্ৰাৰ্থীৰ নাম সন্নিবিষ্ট থকা তৃতীয়খন তালিকা প্রকাশ কৰিছে। তালিকা অনুসৰি সঞ্জয় পাণ্ডেই নার্কটীয়াগঞ্জ, উমাকান্ত সিঙে চানপাটিয়া, লালবাবু প্রসাদ গুপ্তাই ছিৰায়া, বীনা দেৱী ক’ছাধমন, সতীশ কুমাৰ যাদৱে ৰাঘ’পুৰ আৰু মুৰাৰী পাছোৱানে পীৰপইণ্টি আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। এইপর্যন্ত বিজেপিয়ে ৰাজ্যখনৰ ১০১ খন বিধানসভা আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।

September 27, 2025 8:21 PM

views 50

বিহাৰত অমিত শ্বাহৰ দলীয় নেতা-কৰ্মীৰ সৈতে বিধানসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা

সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত ৰাজনৈতিক কার্যকলাপ বৃদ্ধি পাইছে। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি তেওঁৰ বিহাৰ ভ্ৰমণৰ দ্বিতীয় দিনা দলীয় নেতা আৰু কৰ্মকৰ্তাসকলৰ সৈতে নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰে। সমষ্টিপুৰৰ নেতা আৰু কৰ্মীসকলৰ সৈতেও তেওঁ নির্বাচনী কৌশল সন্দৰ্ভত পর্যালোচনা কৰে। বৈঠকৰ সময়ত শ্ৰী শ্বাহে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ ভিতৰচৰাত একতা বজাই ৰখাৰ ক্ষেত্ৰত জোৰ দিয়াৰ লগতে বিধানসভা নিৰ্বাচনত দলটোৱে সংখ্যা গৰিষ্ঠতা লাভ কৰাটো নিশ্চিত কৰিবলৈও কর...