বিশ্ব যুৱ দক্ষতা দিৱস উপলক্ষে আজি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয়, যে ভাৰতৰ মূল শক্তি হৈছে ইয়াৰ যুৱ শক্তি। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীবিৰলাই কয়, যে শক্তি, বুদ্ধিমত্তা আৰু উদ্ভাৱনী চিন্তাৰে সমৃদ্ধ যুৱ প্ৰজন্ম হৈছে বিকশিত ভাৰত লক্ষ্যৰ এটা শক্তিশালী আন্তঃগাঁথনি। বিশ্ব যুৱ দক্ষতা দিৱস উপলক্ষে শ্রীবিৰলাই সকলো নাগৰিককে আধুনিক দক্ষতা আৰু উদ্ভাৱন আৰহণ কৰিবলৈ আহ্বান জনাইছে। তেওঁ ভাৰতৰ দক্ষতাপূর্ণ যুৱ শক্তিক শুভেচ্ছা জনায়।
ইপিনে এই দিৱস উপলক্ষে দিল্লীৰ মুখ্যমন্ত্রী ৰেখা গুপ্তাই যুব প্ৰজন্মক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীমতী গুপ্তাই কয়, যে যুৱ প্ৰজন্মৰ দক্ষতা বিকাশ আত্মনিৰ্ভৰ ভাৰত আৰু বিকশিত দিল্লীৰ ভেটিস্বৰূপ। মুখ্যমন্ত্রী শ্রীমতী গুপ্তাই কয়, যে দিল্লীৰ চৰকাৰ যুৱ প্ৰজন্মক দক্ষতা বিকাশৰ প্রশিক্ষণ দিয়াৰ লগতে তেওঁলোকৰ বাবে নতুন সুযোগ সৃষ্টি কৰাৰ ক্ষেত্ৰত বদ্ধপৰিকৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, যে যুৱ প্ৰজন্মক সৱলীকৰণ, দক্ষতা আহৰণ আৰু কঠিন শ্ৰমৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ জৰিয়তে দিল্লীৰ অগ্রগতিত বিশেষ মাত্রা প্রদান কৰিব।