July 15, 2026 2:26 PM

views 3

বিশ্ব যুৱ দক্ষতা দিৱস উপলক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ শুভেচ্ছা

বিশ্ব যুৱ দক্ষতা দিৱস উপলক্ষে আজি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয়, যে ভাৰতৰ মূল শক্তি হৈছে ইয়াৰ যুৱ শক্তি। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীবিৰলাই কয়, যে শক্তি, বুদ্ধিমত্তা আৰু উদ্ভাৱনী চিন্তাৰে সমৃদ্ধ যুৱ প্ৰজন্ম হৈছে বিকশিত ভাৰত লক্ষ্যৰ এটা শক্তিশালী আন্তঃগাঁথনি। বিশ্ব যুৱ দক্ষতা দিৱস উপলক্ষে শ্রীবিৰলাই সকলো নাগৰিককে আধুনিক দক্ষতা আৰু উদ্ভাৱন আৰহণ কৰিবলৈ আহ্বান জনাইছে। তেওঁ ভাৰতৰ দক্ষতাপূর্ণ যুৱ শক্তিক শুভেচ্ছা জনায়। ইপিনে এই দিৱস উপলক্ষে দিল্লীৰ মুখ্যমন্ত্রী ৰেখা গুপ্তাই যুব প্ৰজন্মক শুভেচ্ছা জ্ঞ...