বিশ্ব মানসিক স্বাস্থ্য মাহ উপলক্ষে আজি চৰাইদেউ জিলাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ মাজত মানসিক স্বাস্থ্য সম্পর্কে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে প্ৰতি বছৰে ১০ অক্টোৰৰ দিনটো বিশ্ব মানসিক দিৱস হিচাপে পালন কৰা হয়। এইবাৰ কৰ্মক্ষেত্ৰত মানসিক স্বাস্থ্যক অগ্ৰাধিকাৰৰ সময় শীৰ্ষক বিষয়বস্তুৰে ৩১ অক্টোবৰলৈ মাহজোৰা বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব। আজিৰ এই কাৰ্যসূচীৰ অংশ হিচাপে চৰাইদেউ জিলা স্বাস্থ্য সমিতিয়ে চৰাইদেউ জিলা মানসিক স্বাস্থ্য কার্যক্রমৰ সহযোগত সজাগতা সভাখন অনুষ্ঠিত কৰে।
Assamese | October 16, 2024 8:04 PM | World Mental Health Day 2024
বিশ্ব মানসিক স্বাস্থ্য মাহ উপলক্ষে চৰাইদেউ জিলা আয়ুক্তৰ কাৰ্যালয়ত মানসিক স্বাস্থ্য সম্পৰ্কীয় সজাগতা সভা অনুষ্ঠিত