October 16, 2024 8:04 PM

views 57

বিশ্ব মানসিক স্বাস্থ্য মাহ উপলক্ষে চৰাইদেউ জিলা আয়ুক্তৰ কাৰ্যালয়ত মানসিক স্বাস্থ্য সম্পৰ্কীয় সজাগতা সভা অনুষ্ঠিত

বিশ্ব মানসিক স্বাস্থ্য মাহ উপলক্ষে আজি চৰাইদেউ জিলাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ মাজত মানসিক স্বাস্থ্য সম্পর্কে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে প্ৰতি বছৰে ১০ অক্টোৰৰ দিনটো বিশ্ব মানসিক দিৱস হিচাপে পালন কৰা হয়। এইবাৰ কৰ্মক্ষেত্ৰত মানসিক স্বাস্থ্যক অগ্ৰাধিকাৰৰ সময় শীৰ্ষক বিষয়বস্তুৰে ৩১ অক্টোবৰলৈ মাহজোৰা বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। আজিৰ এই কাৰ্যসূচীৰ অংশ হিচাপে চৰাইদেউ জিলা স্বাস্থ্য সমিতিয়ে চৰাইদেউ জিলা মানসিক স্বাস্থ্য কার্যক্রমৰ সহযোগত সজাগতা সভাখন অন...

October 10, 2024 8:17 PM

views 81

বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ সৈতে সংগতি ৰাখি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ নতুন দিল্লীত টেলি-মানস এপ আৰু ভিডিঅ’ কলৰ সুবিধা মুকলি

বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ সৈতে সংগতি ৰাখি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে আজি নতুন দিল্লীত টেলি-মানস এপ আৰু ভিডিঅ’ কলৰ সুবিধা মুকলি কৰে। একেটা অনুষ্ঠানতে বিশ্ব স্বাস্থ্য সংস্থাৰ টেলি-মানস মূল্যায়ন প্রতিবেদন আৰু কৰ্মচাৰীসকলৰ বাবে আত্মযতন মডিউলো মুকলি কৰা হয়। মানসিক স্বাস্থ্য আৰু কৰ্মস্থলীৰ মাজৰ গুৰুত্বপূৰ্ণ সংযোগ সন্দৰ্ভত আলোকপাত কৰি এইবাৰ এই দিৱসৰ বিষয়বস্তু হৈছে— কৰ্মস্থলীত মানসিক স্বাস্থ্য। মন্ত্ৰ্যালয়ে লগতে টেলি-মানস হেল্পলাইনৰ দ্বিতীয় বৰ্ষপূর্তিও উদযাপন কৰে। স্বাস্থ্য আৰু প...

October 10, 2024 5:26 PM

views 51

আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন

বিশ্বৰ বিভিন্ন অংশত আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন কৰা হৈছে। মানসিক স্বাস্থ্য সম্পর্কে সজাগতা সৃষ্টিৰ লগতে বিশ্বত মানসিক স্বাস্থ্য সেৱাৰ প্ৰসাৰৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এইবেলি এই দিৱসৰ মূল বিষয়বস্তু হৈছে- কর্মস্থলীত মানসিক স্বাস্থ্য।

October 10, 2024 11:56 AM

views 77

আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস

বিশ্বৰ বিভিন্ন অংশত আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন কৰা হৈছে। মানসিৰ স্বাস্থ্যৰ সৈতে বিষয় সম্পর্কে সজাগতা সৃষ্টিৰ লগতে বিশ্বত মানসিক স্বাস্থ্য সেৱাৰ প্ৰসাৰৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এইবেলি এই দিৱসৰ মূল বিষয়বস্তু হৈছে- কর্মস্থলীত মানসিক স্বাস্থ্য।