বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইক শ্বপ মুকলি

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে এমাজন আৰু চৰকাৰী ই-মার্কেট প্লেচত ইয়াৰ বহুল প্ৰচাৰিত ইক শ্বপ মুকলি কৰিছে। প্ৰান্তীয় সম্প্ৰদায়ৰ লোকসকলৰ দ্বাৰা স্থানীয়ভাৱে তৈয়াৰী জৈৱ-বৈচিত্র্য সম্পর্কিত সামগ্রীসমূহ এখন বহল বজাৰৰ জৰিয়তে বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। এই ই-মার্কেট প্লেচে কাজিৰঙাৰ সমৃদ্ধ ঐতিহ্য বহন কৰাৰ লগতে দাঁতিকাষৰীয়া গাঁৱৰ শিল্পী আৰু উৎপাদক গোটসমূহৰ বাবে এখন শক্তিশালী বজাৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে কাজিৰঙা ষ্টাফ ৱেলফেয়াৰ ছ’চাইটীয়ে পৰিচালনা কৰা এই ইক’ শ্বপসমূহে আৰম্ভণিৰ দুবছৰৰ ভিতৰতে আশানুৰূপ অগ্রগতি লাভ কৰা পৰিলক্ষিত হৈছে। এই ইক শ্বপে ২০২৫-২৬ বৰ্ষত ১ কোটি ৮৭ লাখ টকাৰ সামগ্ৰী বিক্ৰীৰে ২০২৪-২৫ বৰ্ষৰ ১ কোটি ২৪ লাখ টকাৰ সামগ্ৰী বিক্ৰীৰ অভিলেখ ভংগ কৰিছে।