সৰ্বভাৰতীয় টেনিছ সন্থা আৰু আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেশ্যনৰ সহযোগত সদৌ অসম টেনিছ সন্থাই কাইলৈৰ পৰা গুৱাহাটীত দুখনকৈ আন্তর্জাতিক টেনিছ প্রতিযোগিতাৰ আয়োজন কৰিছে। প্রতিযোগিতা দুখনত ভাৰতৰ লগতে বিশ্বৰ ১৫খন দেশৰ দুই-শতাধিক খেলুৱৈয়ে অংশগ্রহণ কৰিব। চচলৰ টেনিছ প্রকল্পত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচনৰ বিশ্ব ৰেংকিং ইভেন্ট আই টি এফ মাষ্টাৰ্ছ এম টি টু হান্ড্রেড প্রতিযোগিতাখনৰ খেল পুৱাৰে পৰা আৰম্ভ হ’ব। ৩৫, ৪৫, ৫৫ আৰু ৬৫ বছৰৰ উৰ্দ্ধৰ পুৰুষ আৰু মহিলাৰ বাবে প্রতিযোগিতাখন মুকলি থাকিব। অহা ১৪ নৱেম্বৰত এই প্রতিযোগিতাৰ অন্ত পৰিব যদিও ১৭ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰলৈকে দ্বিতীয়খন প্রতিযোগিতা আই টি এফ জুনিয়ৰ অনুষ্ঠিত হ’ব।
Assamese | November 9, 2025 7:39 PM | Tennis
বিশ্বৰ ১৫খন দেশৰ দুই-শতাধিক খেলুৱৈৰ অংশগ্রহণেৰে গুৱাহাটীত দুখনকৈ আন্তর্জাতিক টেনিছ প্রতিযোগিতাৰ আয়োজন