বিশ্বৰ শীৰ্ষ দুই শতাংশ বিজ্ঞানীৰ তালিকাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছগৰাকী অধ্যাপকে গৱেষণামূলক সাফল্যৰ জৰিয়তে স্থান লাভ কৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। শেহতীয়াকৈ বিশ্বৰ অন্যতম প্রসিদ্ধ আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক প্ৰতিষ্ঠান ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয় আৰু নেডাৰলেণ্ডছৰ গৱেষণা প্রতিষ্ঠান এলছেভিয়াৰৰ উদ্যোগত প্ৰকাশিত চলিত বৰ্ষৰ তালিকাত এই ছগৰাকী অধ্যাপকৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁলোক হৈছে বিশিষ্ট জলবায়ুবিদ তথা অনুসন্ধান ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেচনৰ সন্মানীয় প্রধানমন্ত্রী অধ্যাপনা কাৰ্যসূচীৰ অধ্যাপক ভূপেন্দ্ৰ নাথ গোস্বামী, ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক প্রদীপ ফুকন আৰু অধ্যাপক ৰঞ্জিত ঠাকুৰীয়া, গণিত বিভাগৰ অধ্যাপক বিপন হাজৰিকা, উদ্ভিদ বিজ্ঞান বিভাগৰ ড০ অৰুণ কুমাৰ দত্ত তথা ইলেকট্রনিক্স আৰু কমিউনিকেচন ইঞ্জিনিয়াৰিঙৰ ড০ লাচিত দত্ত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ড০ ননীগোপাল মহন্তই এই সাফল্যৰ বাবে শুভেচ্ছা জনাই কয়, যে এই স্বীকৃতিয়ে বিশ্ববিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। গৱেষণাৰ ক্ষেত্ৰত লাভ কৰা এই সফলতাই গৱেষকসকলক ভৱিষ্যতে নতুন চিন্তা, উদ্ভাৱন আৰু উৎকৃষ্ট গৱেষণাৰ দিশত আগবাঢ়ি যাবলৈ উৎসাহিত কৰিব বুলি তেওঁ আস্থা ব্যক্ত কৰে।
Assamese | October 17, 2026 11:26 AM | GU
বিশ্বৰ শীৰ্ষ দুই শতাংশ বিজ্ঞানীৰ তালিকাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছগৰাকী অধ্যাপকৰ স্থান লাভ