বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে বিশেষকৈ দক্ষিণ-পূব এছিয়া আৰু অসমতো আজি বুদ্ধ পূর্ণিমা উদযাপন কৰা হৈছে। গৌতম বুদ্ধৰ জন্মৰ দিনটোৰ লগতে বুদ্ধগয়াত মহাবোধি বৃক্ষৰ তলত তেওঁ পৰিনিৰ্বাণ লাভ কৰা দিন উপলক্ষে আজি বুদ্ধ পূর্ণিমা পালন কৰা হয়। সমগ্ৰ বিশ্বৰ বৌদ্ধ আৰু হিন্দু ধৰ্মাৱলম্বী লোকসকলে এই দিনটো উদযাপন কৰাৰ লগতে ভাৰত নেপাল, ভূটান, বার্মা, থাইলেণ্ড, তিব্বত, কোৰিয়া, লাওছ, ভিয়েটনাম, মংগোলিয়া, কম্বোডিয়া, ছিংগাপুৰ, ইণ্ডোনেছিয়া আৰু শ্ৰীলংকাৰ দৰে দেশসমূহত মহা আড়ম্বৰেৰে এই দিৱস উদযাপন কৰা হয় । ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে গৌতম বুদ্ধৰ সমূহ অনুগামীলৈ বুদ্ধ পূৰ্ণিমাৰ শুভেচ্ছা জ্ঞাপন কৰিছে। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়েও আটাইলৈ বুদ্ধ পূৰ্ণিমাৰ শুভেচ্ছা জনাইছে। ভগৱান বুদ্ধৰ অহিংসা তথা দয়াৰ বাৰ্তা আজিৰ সময়ত সমাজ তথা মানৱতাৰ বাবে পূর্বতকৈ অধিক প্ৰাসংগিক বুলি তেওঁ মত প্ৰকাশ কৰে।
Assamese | May 12, 2025 6:23 PM | Boudha purnima
বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বুদ্ধ পূর্ণিমা উদযাপন