September 16, 2026 12:59 PM | World ozaon day

printer

বিশ্বৰ বিভিন্ন ঠাইৰ লগতে অসমতো বিশ্ব অজন দিৱস পালন

আজি বিশ্ব অজন দিৱস। এইবাৰৰ দিৱসৰ মূল বিষয়বস্তু হৈছে – ‘শীতল ধৰিত্ৰীৰ বাবে বিশ্বজনীন ব্যৱস্থা’। বিশ্বৰ বিভিন্ন ঠাইৰ লগতে অসমতো এই দিৱস পালন কৰা হৈছে। অ’জন স্তৰৰ সুৰক্ষা আৰু সেউজ অসম গঢ়াৰ লক্ষ্যৰে শক্তি ৰাহি কৰা সঁজুলি ব্যৱহাৰ, এচি-ফ্ৰীজ আদিৰ নিয়মীয়া মেৰামতি আৰু চৌহদত গছপুলি ৰোপণৰ বাবে সকলোকে সজাগ-সচেতন কৰিবলৈ গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ উদ্যোগত ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই অনুষ্ঠানতে ৰাজ্যৰ পাঁচগৰাকী বিশিষ্ট ব্যক্তিক ২০২৫ বৰ্ষৰ পৰিৱেশ মিত্ৰ সন্মানৰে বিভূষিত কৰা হ’ব। এই ব্যক্তি কেইগৰাকীৰ ভিতৰত অৰূপ শাণ্ডিল্য, অমৰজ্যোতি কাশ্যপ, ৰাজীৱ ৰুদ্ৰ তাৰিয়াং, ড° বিভৱ কুমাৰ তালুকদাৰ আৰু ড° পৰাগজ্যোতি ডেকা আছে। পৰিৱেশ সংৰক্ষণ আৰু মানৱ কল্যাণৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ স্বীকৃতিস্বৰূপে এই ব্যক্তিকেইগৰাকীক পৰিৱেশ মিত্ৰ সন্মানৰ বাবে বাছনি কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।