বিশ্বৰ উদ্যোগপতিসকলক অসমত বিনিয়োগ কৰিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত আহ্বান

বিশ্বৰ আগশাৰীৰ উদ্যোগপতিসকলক অসমত বিনিয়োগ কৰিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আহ্বান জনাইছে। দেশৰ ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত আই চি চি বিশ্ব ব্যৱসায়ী সম্মিলনত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয়, যে দ্রুত পৰিৱৰ্তিত অর্থনৈতিক আৰু প্ৰযুক্তিগত পৰিৱেশে ভাৰতক উৎপাদনৰ বিচিত্ৰতা, যোগান শৃংখল শক্তিশালী কৰি তুলিছে।

সেয়ে অসমৰ সংযোগ ক্ষেত্রত উন্নয়ন, আন্তঃগাঁথনি সম্প্ৰসাৰণ, দক্ষ মানৱ সম্পদ সৃষ্টিৰ লক্ষ্যৰে ৰাজ্যখনত উদ্যোগপতিসকলক বিনিয়োগ কৰিবলৈ তেওঁ আহ্বান জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে উত্তৰ-পূবৰ সংযোগ আন্তঃগাঁথনি আৰু উন্নয়নৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্ব আৰোপ কৰি আহিছে।

 প্ৰধানমন্ত্ৰীৰ গুৰুত্বৰ বাবেই উত্তৰ-পূব তথা অসমে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্রকাশ কৰিবলৈ সমৰ্থ হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰতীয় ৰিজার্ভ বেংকৰ শেহতীয়া প্রতিবেদনৰ বিষয়ে উল্লেখ কৰি কয়, যে অসম দেশৰ আটাইতকৈ দ্রুতগতিত বৃদ্ধি পোৱা ৰাজ্য হিচাপে স্বীকৃত হৈছে।

এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলনৰ কথা উল্লেখ কৰি তেওঁ কয়, যে ৰাজ্যখনে ৫.১৮ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্রুতি লাভ কৰিছে, ইয়াৰে প্ৰায় ৩.৫ লাখ কোটি টকাৰ প্ৰকল্প এবছৰৰ ভিতৰত ভূমি বিনিয়োগলৈ ৰূপান্তৰিত কৰা হৈছে। এই প্রকল্পসমূহৰ কিছুমান ইতিমধ্যে কার্যক্ষম হৈ উঠিছে বুলি তেওঁ লগতে কয়।

মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত ঔদ্যোগিক পৰিৱৰ্তনৰ এটা গুৰুত্বপূৰ্ণ উপাদান হিচাপে উন্নত উৎপাদনৰ বৃদ্ধিৰ ওপৰত আলোকপাত কৰে। অসমৰ সাংস্কৃতিক আৰু প্ৰাকৃতিক সম্পদে পর্যটন অর্থনীতিক উপকৃত কৰিব বুলিও মন্তব্য কৰে। ৰাজ্যখনৰ উন্নয়নৰ বাবে চৰকাৰ, উদ্যোগ, বিশ্ববিদ্যালয়, গৱেষণা প্রতিষ্ঠান আৰু উদ্যোগীসকলৰ মাজত অংশীদাৰিত্বৰ প্ৰয়োজন হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে।