July 16, 2026 7:51 PM | Rath Yatra

printer

বিশ্ববিখ্যাত ৰথযাত্ৰাৰ আজি শুভাৰম্ভ

ওড়িশাৰ পুৰীত প্ৰভু জগন্নাথ আৰু তেওঁৰ দুগৰাকী সহোদৰ- সহোদৰা বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ বিশ্ববিখ্যাত ৰথযাত্ৰাৰ আজি শুভাৰম্ভ কৰা হয়। এই বার্ষিক উৎসৱত প্ৰভু জগন্নাথ, তেওঁৰ জ্যেষ্ঠ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্রাক ৰথত তুলি ৰাইজক দৰ্শন কৰোৱাৰ লগতে প্ৰভু জগন্নাথৰ মাহীয়েকৰ বাসগৃহ হিচাপে বিশ্বাস কৰা গুন্দিছা মন্দিৰলৈ লৈ যোৱা হয়। পুৰীৰ জগন্নাথ মন্দিৰত আৰম্ভ হোৱা এই ৩ কিলোমিটাৰ যোৰা যাত্ৰাৰ গুন্দিছা মন্দিৰত সামৰণি পৰে। তিনিওজনা পূজ্য দেৱ-দেৱীকে ৯ দিনৰ বাবে গুন্দিছা মন্দিৰত ৰখাৰ পাছত একে কেইখন ৰথেৰে শ্রীমন্দিৰলৈ লৈ যোৱা হয় আৰু এই যাত্রাক বহুডা যাত্ৰা বুলি কোৱা হয়।

পুৰীৰ সমান্তৰালভাৱে আজি দেশৰ বিভিন্ন প্ৰান্তত ৰথ যাত্ৰাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে কাছাৰ জিলাত ধর্মীয় উৎসাহ-উদ্দীপনা, নাম-কীৰ্তন আৰু হাজাৰ হাজাৰ ভক্তৰ অংশগ্রহণেৰে ৰথযাত্রা উৎসৱ আয়োজন কৰা হৈছে। শিলচৰৰ ইস্কন মন্দিৰ, ৰাধামাধৱ আখৰা, শ্যাম কুণ্ডৰ আখৰা, গৌড়ীয় মঠ, নৃসিংহ মন্দিৰকে ধৰি চহৰখনৰ বিভিন্ন মন্দিৰৰ পৰা সুসজ্জিত ৰথ যাত্ৰা উলিওৱা হয়। ইফালে, ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ সত্ৰশালৰ ৰামৰায়কুঠী সত্রত বর্ণাঢ্য কাৰ্যসূচীৰে শ্রীশ্রীজগন্নাথ প্ৰভুৰ ৰথযাত্ৰাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে প্রায় চাৰে তিনিশ বছৰ ধৰি এই সত্ৰখনত ৰথযাত্রা অনুষ্ঠিত হৈ আহিছে। প্ৰতিবাৰৰ দৰে আজিৰ এই ৰথযাত্ৰাত অসমৰ লগতে পশ্চিমবংগৰ অগণন ভক্তই অংশগ্ৰহণ কৰিছে। জিলাখনৰ সাপটগ্রামৰ শ্ৰীলীলানন্দ ঠাকুৰৰ আশ্ৰম আৰু বিলাসীপাৰাৰ মদনমোহন আখড়াবাৰীতো বর্ণাঢ্য কাৰ্যসূচীৰে শ্রীশ্রীজগন্নাথ প্ৰভুৰ ৰথযাত্ৰাৰ আয়োজন কৰাৰ হৈছে।

গোৱালাপাৰ জিলাতো আজি হাজাৰ হাজাৰ লোকৰ অংশগ্রহণেৰে বিয়লি চহৰখনৰ মাজেৰে ৰথ যাত্ৰা উলিওৱা হয়। জাগীৰোড সম-জিলাৰ অন্তৰ্গত আমকতা কুমৈ পাহাৰত থকা শ্রীশ্রী জগন্নাথ ধামতো ২১ সংখ্যক জগন্নাথ ৰথ যাত্রা মহোৎসৱ উদযাপন কৰা হয়। পাহাৰখন সুউচ্চতাত থকা জগন্নাথ ধামৰ পৰা সুসজ্জিত ৰথত স্থাপন কৰা জগন্নাথৰ বিগ্ৰহ লৈ ভক্তসকলে ঘুনুচা মন্দিৰলৈ যাত্ৰা উলিয়ায়।

ডিব্ৰুগড়ৰ খনিকৰত আজি জগন্নাথৰ দ্বাদশ ৰথ যাত্রা ধর্মীয় ৰীতি-নীতিৰে উদযাপন কৰা হৈছে। আজি বিয়লি ২ বজাত খনিকৰৰ জগন্নাথ মন্দিৰত আৰম্ভ হোৱা এই ৰথ যাত্রা কাছাৰবাৰীস্থিত আউনীআটি সত্ৰৰ পৰা পুনৰ মন্দিৰলৈ উভতি আহিব। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই আজি এই উৎসৱত অংশ লয়।