July 16, 2026 7:51 PM

views 11

বিশ্ববিখ্যাত ৰথযাত্ৰাৰ আজি শুভাৰম্ভ

ওড়িশাৰ পুৰীত প্ৰভু জগন্নাথ আৰু তেওঁৰ দুগৰাকী সহোদৰ- সহোদৰা বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ বিশ্ববিখ্যাত ৰথযাত্ৰাৰ আজি শুভাৰম্ভ কৰা হয়। এই বার্ষিক উৎসৱত প্ৰভু জগন্নাথ, তেওঁৰ জ্যেষ্ঠ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্রাক ৰথত তুলি ৰাইজক দৰ্শন কৰোৱাৰ লগতে প্ৰভু জগন্নাথৰ মাহীয়েকৰ বাসগৃহ হিচাপে বিশ্বাস কৰা গুন্দিছা মন্দিৰলৈ লৈ যোৱা হয়। পুৰীৰ জগন্নাথ মন্দিৰত আৰম্ভ হোৱা এই ৩ কিলোমিটাৰ যোৰা যাত্ৰাৰ গুন্দিছা মন্দিৰত সামৰণি পৰে। তিনিওজনা পূজ্য দেৱ-দেৱীকে ৯ দিনৰ বাবে গুন্দিছা মন্দিৰত ৰখাৰ পাছত একে কেইখন ৰথেৰে শ্রীমন্দিৰল...