বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ উদ্যোগত আজি বিশ্ব ৰক্তদাতা দিৱস পালন

বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ উদ্যোগত নতুন জিলা চিকিৎসালয়ৰ সভাকক্ষত আজি বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয়। দিৱসৰ লগত সংগতি ৰাখি এখনি সজাগতা সভা অনুষ্ঠিত হয়। এই অনুষ্ঠানতে বিশ্বনাথ জিলাৰ বিশিষ্ট স্বেচ্ছামূলক ৰক্তদাতা ব্যক্তি হিচাপে পাঁচগৰাকী ৰক্তদাতাক সম্বৰ্দ্ধনা জনোৱা হয়। অনুষ্ঠানত জিলা স্বাস্থ্য আৰু যুটীয়া সঞ্চালক ডাঃ যোগেন চন্দ্র বে’, পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ, জিলা চিকিৎসালয় অধীক্ষক ডাঃ ৰিপন চুতিয়া, মুখ্য চিকিৎসা বিষয়া ডাঃ এলীজা ডেকা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।