June 14, 2026 11:54 AM | World Blood Donor

printer

বিশ্বজুৰি ৰক্তদানৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিশ্ব ৰক্তদাতা দিবস পালন

আজি বিশ্ব ৰক্তদাতা দিবস পালন কৰা হৈছে। ৰক্তদানৰ প্ৰতি বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ বিষয় হৈছে- মানৱতাৰ বাবে এটোপাল, ৰক্তদান কৰক, জীৱন ৰক্ষা কৰক। অসমতো আজি বিভিন্ন স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত বিশ্ব ৰক্তদাতা দিৱসৰ কাৰ্যসূচী লোৱা হৈছে। এই উপলক্ষে ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে।

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিশ্ব ৰক্তদাতা দিবস উপলক্ষে সংবাদ মাধ্যমযোগে দিয়া এটা বাৰ্তাত জনসাধাৰণৰ সামুহিক স্বাস্থ্য উন্নত কৰাৰ ক্ষেত্ৰত ৰক্তদাতাসকলৰ অপৰিসীম ভূমিকাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয়, যে স্বাস্থ্য খণ্ডত প্রয়োজন হোৱা পৰিশোধিত ৰক্ত কেৱল স্বেচ্ছামূলক ৰক্তদাতাসকলৰ জৰিয়তে পূৰণ কৰিব পাৰি। এই নিঃস্বার্থ সেৱাৰ বাবে ৰক্তদাতাসকলৰ ওচৰত চিৰ কৃতজ্ঞ বুলি তেওঁ উল্লেখ কৰে।

মুখ্যমন্ত্রীয়ে লগতে অনুজ্ঞাপ্রাপ্ত ৰক্ত কেন্দ্ৰ আৰু চৰকাৰী ৰক্ত কেন্দ্ৰৰ পৰাহে ৰক্ত গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনায়। ৰক্তদানৰ জৰিয়তে এখন সুস্থ সমাজ গঢ়াৰ বাবেও তেওঁ জনসাধাৰণক আহ্বান জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।