বিশিষ্ট কথাশিল্পী তথা চলচ্চিত্র নির্মাতা ড° ভৱেন্দ্ৰনাথ শইকীয়াৰ ওপজা দিন উপলক্ষে আজি কথাশিল্পীগৰাকীৰ স্মৃতিত শ্রদ্ধা নিবেদন কৰা হৈছে। অনুভূতি সম্পন্ন আৰু মননশীল ৰচনাৰে অনুৰাগীসকলক আলোড়িত কৰা শইকীয়াই কবিতা, নাটক, গল্প, উপন্যাস, প্রবন্ধ, সমালোচনা, শিশু সাহিত্য আৰু আত্মজীৱনীৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছে। প্ৰান্তিক আৰু শিশু আলোচনী সঁফুৰাৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা শইকীয়াৰ পৰিচালিত ৮ খন চলচ্চিত্ৰৰ ভিতৰত
ভবেন্দ্ৰ নাথ শইকীয়া শিশু কল্যাণ ন্যাসৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উদযাপন কৰা হ’ব। আৰোহণৰ মুখ্য ন্যাসৰক্ষী প্ৰীতি শইকীয়া আৰু আন ন্যাসৰক্ষীসকলে আজি গুৱাহাটীত আয়োজিত এখন সংবাদমেলত এইকথা ঘোষণা কৰে। সেইদিনা সন্ধিয়া চাৰে পাঁচ বজাত কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী ৰূপম ভূঞাক ড° ভৱেন্দ্ৰ নাথ শইকীয়া সোৱৰণি বঁটা প্ৰদান কৰা হ’ব। এই বঁটাত আছে নগদ ৫০ হাজাৰ টকা, মানপত্র, গামোচা, স্মাৰক আৰু কিতাপৰ টোপোলা। এই অনুষ্ঠানত বিশিষ্ট সাংবাদিক প্রশান্ত ৰাজগুৰু, বিশিষ্ট বিজ্ঞানী তথা শিক্ষাবিদ ড° কুলেন্দু পাঠক আৰু ৰাজ্যৰ পৰ্যটন বিভাগৰ সচিব কুমাৰ পদ্মপানী বৰাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব। সেইদিনা সন্ধিয়া অভিমুখ নাট্যগোষ্ঠীয়ে ৰঘুনাথ নামৰ এখন নাটক পৰিবেশন কৰিব। ২১ ফেব্ৰুৱাৰী সন্ধিয়া চাৰে ছয় বজাত মুম্বাইৰ নাট্যম গোষ্ঠীয়ে ড° ভৱেন্দ্ৰ নাথ শইকীয়াৰ বিখ্যাত নাটক শতাব্দী পৰিবেশন কৰিব।
Assamese | February 20, 2025 12:22 PM | Bhabendra Nath
বিশিষ্ট কথাশিল্পী তথা চলচ্চিত্র নির্মাতা ড° ভৱেন্দ্ৰনাথ শইকীয়াৰ আজি ওপজা দিন