বিশিষ্ট অভিনেতা নানা পাটেকাৰৰ শেষকৃত্য যোৱা নিশা মহাৰাষ্ট্ৰৰ পুনেৰ দোঞ্জেত থকা তেওঁৰ নিজা ফার্মহাউছ (বাসভৱন)ত ৰাষ্ট্ৰীয় মর্যাদাৰে সম্পন্ন হয়। নিশা তেওঁৰ পুত্ৰ মলহাৰ পাটেকাৰে পৰিয়াল আৰু গুণমুগ্ধসকলৰ উপস্থিতিত দাহ-সংস্কাৰ প্ৰক্ৰিয়া সম্পন্ন কৰে। শেষকৃত্যৰ পূর্বে জ্যেষ্ঠ অভিনেতাগৰাকীক সশস্ত্ৰ গার্ড অৱ অনাৰো প্ৰদান কৰা হয়। ইয়াৰ পূৰ্বে পুনেত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছ, উপ-মুখ্যমন্ত্রী একনাথ সিন্দে আৰু সুনেত্রা পাৱাৰে তথা দ’ঞ্জেত কেন্দ্রীয় মন্ত্রীসকলৰ লগতে চলচ্চিত্র জগতৰ বহু বিশিষ্ট ব্যক্তিয়ে তেওঁৰ নশ্বৰ দেহত শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অভিনেতাগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি কয় যে, হিন্দী আৰু মাৰাঠী ছবিজগতলৈ তেওঁৰ অনন্য অৱদান সদায় স্মৰণীয় হৈ ৰ’ব। তেওঁৰ বিয়োগত দেশে এগৰাকী সংবেদনশীল আৰু নিষ্ঠাপূর্ণ শিল্পী হেৰুওৱা বুলিও শ্রীমোদীয়ে উল্লেখ কৰে।