June 9, 2026 12:44 PM | Vishakapatam

printer

বিশাখাপট্টনম তীখা প্ৰকল্পৰ দুৰ্ঘটনাত আহত আৰু নিহত লোকসকলৰ নিকটাত্মীয়লৈ সাহায্য ঘোষণা

কেন্দ্রীয় তীখা মন্ত্ৰী এইছ ডি কুমাৰস্বামী আৰু অসামৰিক বিমান পৰিবহন মন্ত্ৰী ৰাম মনোহৰ নাইডুৱে যোৱা নিশা বিশাখাপট্টনম তীখা প্ৰকল্পৰ দুৰ্ঘটনা স্থলী পৰিদৰ্শন কৰে। শ্ৰী কুমাৰস্বামীয়ে এই দুৰ্ঘটনাত মৃত্যু লোকসকলৰ নিকটাত্মীয়লৈ ২৫ লাখকৈ আৰু আহত সকলৰ চিকিৎসাৰ বাবে ১০ লাখ টকাকৈ সাহায্য ঘোষণা কৰিছে। ইয়াৰ লগতে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালসমূহক তেওঁলোকলৈ আৱণ্টন দিয়া বাসগৃহতেই থকাৰ অনুমতি প্ৰদান কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰিছে। শ্ৰী কুমাৰস্বামীয়ে কয়, যে তেনে পৰিয়ালৰ শিশুসকলৰ বাবে বিনামূলীয়া শিক্ষা প্ৰদানৰো ব্যৱস্থা কৰা হ’ব।।

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে ৰাজ্যখনৰ মুখ্য সচিব আৰু অন্যান্য বিষয়াসকলৰ সৈতে পৰিস্থিতিৰ পৰ্যালোচনা কৰে। ৰাষ্ট্ৰীয় ইস্পাত নিগম লিমিটেডে ইতিমধ্যে এই দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ইয়াৰ অতিৰিক্ত ভাৱে এখন তিনিজনীয়া বিশেষ তদন্ত কমিটিও গঠন কৰা হৈছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ইস্পাত নিগম লিমিটেডৰ বিশাখাপট্টানম তীখা প্রকল্পক কালি সন্ধিয়া হোৱা এটা অগ্নিকাণ্ডত ৮ জন লোকে প্ৰাণ হেৰুৱাৰ লগতে ছজন লোক আহত হৈছে। আহতসকলৰ ভিতৰত দুজনৰ অৱস্থা জটিল বুলি জানিব পৰা গৈছে।

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুর্ঘনাত গভীৰ শোক প্রকশ কৰিছে৷ শ্ৰীমতী মুমুৱে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ গভীৰ সমৱেদনা জ্ঞাপন কৰিছে। উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে নিহত লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশুআৰোগ্য কামনা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুৰ্ঘটনাত নিহত লোকসকলৰ নিকতাত্মীয়লৈ দুই লাখ আৰু আহতসকলৰ চিকিৎসাৰ বাবে ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।