বিমান সেৱা বাতিলৰ ফলত প্ৰভাৱিত দেশৰ নাগৰিকসকলক শীঘ্ৰে উভতাই অনাৰ বাবে ভাৰত চৰকাৰৰ নতুনকৈ পৰামৰ্শ জাৰি

নতুন দিল্লী মহলে বিমান সেৱা বাতিল হোৱাৰ ফলত প্ৰভাৱিত ভাৰতীয় নাগৰিকসকলক বিশেষকৈ উমৰা তীর্থযাত্রীসকলক শীঘ্রে উভতাই অনাৰ বাবে নতুনকৈ পৰামৰ্শ জাৰি কৰিছে। ভাৰতে যাত্ৰীসকলক ওভতাই অনাত সহায় কৰাৰ বাবে ছৌদি আৰৱৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে। য়েমনত হুটি বিদ্রোহীয়ে অসামৰিক এলেকাক লক্ষ্য কৰি ড্রোন আৰু মিছাইলেৰে কৰা আক্ৰমণৰ ফলত অঞ্চলটোত উত্তেজনা বৃদ্ধি পাইছে।

জেদ্দাস্থিত বাণিজ্যিক দূতাবাসে প্ৰকাশ কৰা মতে, মক্কা আৰু জেদ্দাত স্থাপন কৰা নিয়ন্ত্রণ কক্ষৰ জৰিয়তে প্ৰভাৱিত ভাৰতীয় লোকসকলক অর্হনিশে সহায় আগবঢ়োৱা হৈছে। প্রয়োজন সাপেক্ষে ক্ষতিগ্রস্ত লোকসকলক খাদ্য, অত্যাবশ্যকীয় ঔষধ আৰু অন্য সামগ্রীও যোগান ধৰা হৈছে বুলি বাণিজ্য দূতাবাসৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছে।

বাণিজ্য দূতাবাসে বিমান সেৱা বাতিল হোৱাৰ ফলত উদ্ভৱ হোৱা সমস্যাৰ সমাধানৰ বাবে ছৌদি আৰৱৰ হজ আৰু উমৰা মন্ত্ৰ্যালয় তথা বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে।

নিৰ্ধাৰিত যাত্ৰাৰ সময়ৰ পাছৰ সম্প্ৰসাৰিত সময়ছোৱাত থকা খোৱা আৰু অন্য সেৱাৰ ক্ষেত্ৰত জটিলতাৰ সন্মুখীন হোৱা উমৰা যাত্ৰীসকলক দেশখনৰ হজ আৰু উমৰা কেন্দ্ৰৰ হেল্পলাইন নম্বৰ ১৯৬৬ত যোগাযোগ কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে।

তেওঁলোকক লগতে প্রয়োজনীয় সাহায্যৰ বাবে সংশ্লিষ্ট ঊমৰা সেৱা প্ৰদানকাৰীসকলৰ সৈতে যোগাযোগ ৰক্ষা কৰিবৈ কোৱা হৈছে। বাণিজ্য দূতাবাসে প্রকাশ কৰা মতে তেওঁলোকে বিমান উৰণ বাতিল হোৱা আৰু টিকটৰ ধন ঘূৰাই পোৱাত বিলম্ব হোৱা বিষয় লৈ ভাৰতীয় বিমান পৰিবহণ সংস্থাসমূহৰ সৈতে নিৰন্তৰ যোগাযোগ ৰক্ষা কৰি আছে।

যাত্ৰীসকলক ঘূৰাই অনাৰ বাবে বৰ্তমানো ভাৰতলৈ সেৱ অব্যাহত বিমান পৰিবহণ কোম্পানীসমূহৰ সৈতে যোগাযোগ কৰা হৈছে বুলি দূতাবাস কর্তৃপক্ষই জানিবলৈ দিছে। অৱশ্যে কর্তৃপক্ষই আসনৰ উপলব্ধতা আৰু ভাড়াৰ ওপৰত বিষয়টো নিৰ্ভৰ হ’ব বুলি স্পষ্ট কৰি দিছে।

প্ৰভাৱিত যাত্ৰীসকলৰ বাবে পুনৰ টিকট বুক কৰা, ধন ঘূৰাই লোৱা আৰু অন্য উৰণৰ ব্যৱস্থা কৰাৰ বাবে বিমান পৰিবহণ কোম্পানী, ট্রেভেল এজেন্ট বা উমৰা যাত্ৰা প্ৰৱন্ধন সংস্থাৰ সৈতে যোগাযোগ ৰক্ষা কৰিবলৈ কোৱা হৈছে। বাণিজ্য দূতাবাসে প্রকাশ কৰা মতে প্ৰভাৱিত ভাৰতীয় নাগৰিকসকলক শীঘ্রেই ওভতাই অনাৰ বাবে সংশ্লিষ্ট বিষয়া আৰু বিমান পৰিবহণ কোম্পানীসমূহৰ সৈতে যোগাযোগ ৰক্ষা কৰা হৈছে।