অসামৰিক বিমান পৰিবহণ মন্ত্রী কে. ৰামমোহন নাইডুৱে দাবীসমূহ নাকচ কৰি কয়, যে চৰকাৰে বিমান পৰিবহণ টাৰবাইন ইন্ধনৰ সৈতে ইথানল মিহলি কৰাৰ পৰিকল্পনা সম্পূৰ্ণৰূপে মিছা আৰু ভিত্তিহীন। আজি সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীনাইডুৱে কয়, যে এনে কোনো প্রস্তাব নাই। তেওঁ কয়, যে ইথানল আৰু বহনক্ষম বিমান ইন্ধন সম্পূর্ণ পৃথক আৰু ইয়াক একত্ৰিত কৰা উচিত নহয়। শ্রীনাইডুৱে কয়, যে এছ এ এফ হৈছে আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ সংস্থাৰ দ্বাৰা স্বীকৃত আৰু বিশ্বব্যাপী গ্রহণ কৰা এক আন্তঃৰাষ্ট্ৰীয় প্রমাণিত বিমান ইন্ধন, যাক কঠোৰ পৰীক্ষা-নিৰীক্ষাৰ পাছতহে গ্ৰহণ কৰা হয় আৰু ই বিশ্ব সুৰক্ষা মানদণ্ড সম্পন্ন। মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে যাত্ৰীৰ সুৰক্ষা, চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ আৰু বিমান সুৰক্ষাৰ ওপৰত ভুল তথ্য বিয়পাই কেৱল বিমান যাত্রীসকলৰ মাজত অপ্রয়োজনীয় উদ্বেগৰ সৃষ্টি কৰাৰ প্ৰয়াস কৰা হৈছে।
Assamese | August 6, 2026 9:24 PM | NAIDU
বিমান পৰিবহণ টাৰ্বাইন ইন্ধনৰে ইথানল মিহলিৰ পৰিকল্পনা সম্পূৰ্ণৰূপে মিছা আৰু ভিত্তিহীন : মন্ত্রী কে. ৰামমোহন নাইডু