August 6, 2026 9:24 PM

views 10

বিমান পৰিবহণ টাৰ্বাইন ইন্ধনৰে ইথানল মিহলিৰ পৰিকল্পনা সম্পূৰ্ণৰূপে মিছা আৰু ভিত্তিহীন : মন্ত্রী কে. ৰামমোহন নাইডু

অসামৰিক বিমান পৰিবহণ মন্ত্রী কে. ৰামমোহন নাইডুৱে দাবীসমূহ নাকচ কৰি কয়, যে চৰকাৰে বিমান পৰিবহণ টাৰবাইন ইন্ধনৰ সৈতে ইথানল মিহলি কৰাৰ পৰিকল্পনা সম্পূৰ্ণৰূপে মিছা আৰু ভিত্তিহীন। আজি সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীনাইডুৱে কয়, যে এনে কোনো প্রস্তাব নাই। তেওঁ কয়, যে ইথানল আৰু বহনক্ষম বিমান ইন্ধন সম্পূর্ণ পৃথক আৰু ইয়াক একত্ৰিত কৰা উচিত নহয়। শ্রীনাইডুৱে কয়, যে এছ এ এফ হৈছে আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ সংস্থাৰ দ্বাৰা স্বীকৃত আৰু বিশ্বব্যাপী গ্রহণ কৰা এক আন্তঃৰাষ্ট্ৰীয় প্রমাণিত বিমান ইন্ধন, যাক কঠোৰ...