প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমান পৰিবহণ খণ্ডত দিল্লী ঘোষণা পত্ৰ গ্ৰহণৰ কথা ঘোষণা কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত দ্বিতীয় অসামৰিক বিমান পৰিবহন বিষয়ক এছিয়া প্রশান্ত মন্ত্ৰী পৰ্যায়ৰ সন্মিলনত সর্বসম্মতিক্রমে এই ঘোষণাপত্র গ্ৰহণ কৰা হয়। এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলসমূহৰ অসামৰিক বিমান পৰিবহণ ক্ষেত্ৰসমূহত আঞ্চলিক সহযোগিতাৰ লগতে ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰা আৰু এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত বিমান পৰিবহণ খণ্ডৰ স্থায়ী বিকাশৰ উদ্দেশ্যে এই ঘোষণাপত্ৰৰ ৰূপৰেখা প্ৰস্তুত কৰা হৈছে। সন্মিলনত ভাষণ দি প্রধানমন্ত্ৰীয়ে কয় যে চলিত দশকৰ শেষৰ পিনে ভাৰত বিশ্বৰ আগশাৰীৰ বিমান পৰিবহণ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ দিশে আগবাঢ়িছে আৰু অনাগত সময়ত বিশ্বৰ সবাতোকৈ অধিক সম্পৰ্ক ৰক্ষাকাৰী দেশ হিচাপে বিবেচিত হ’ব। শ্রী মোদীয়ে কয় যে গোলকীয় অসামৰিক বিমান পৰিবহণ পৰিৱেশ তন্ত্ৰত ভাৰতে বৰ্তমান এটা শক্তিশালী স্তম্ভ ৰূপে বিকাশ লাভ কৰিছে আৰু এই খণ্ডত দেশত দেশৰ বিকাশ অপ্রতিদ্বন্দ্বী হৈ উঠিছে। বিগত ১০ বছৰত দেশত বিমান বন্দৰৰ সংখ্যা দুগুণ বৃদ্ধি হৈছে বুলিও তেওঁ লগতে মন্তব্য কৰে। তেওঁ কয় যে অতি ক্ষুদ্ৰ চহৰসমূহতো বর্তমান মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ ভাৰতীয়সকলে বিমানেৰে যাত্ৰা কৰা হৈছে যি সংখ্যা পূৰ্বে যথেষ্ট সীমিত আছিল।
Assamese | September 13, 2024 5:51 PM | Narendra | narendra modi | PMO India
বিমান পৰিবহণ খণ্ডত দিল্লী ঘোষণা পত্ৰ গ্ৰহণৰ কথা ঘোষণা প্রধানমন্ত্ৰী মোদীৰ