আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউৱৰ্কত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৮১ সংখ্যক অধিবেশনৰ আপাহতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ বিভিন্ন ৰাষ্ট্ৰৰ নেতাসকলৰ সৈতে কূটনৈতিক বৈঠকত মিলিত হৈছে। ড০ জয়শংকৰে আৰ্মেনিয়া, বাৰবাদুজ আৰু ইৰাকৰ বিদেশ মন্ত্ৰীসকলৰ লগতে পানামাৰ ৰাষ্ট্ৰপতি জোছ ৰাউল মুলিনৰ সৈতে এলানি বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এলানি পোষ্টত বিদেশ মন্ত্ৰীগৰাকীয়ে আর্মেনিয়াৰ বিদেশ মন্ত্ৰী আৰাৰাত মিজোয়ান বার্বাদোজৰ বিদেশমন্ত্ৰী ক্রিষ্টোফাৰ পিটাৰ ছিংকলাৰ আৰু ইৰাকৰ উপ প্রধানমন্ত্ৰী আৰু বিদেশ মন্ত্ৰী ফুৱাদ হুছেইনৰ সৈতে হোৱা বৈঠকৰ বিষয়ে উল্লেখ কৰে। এই বৈঠকসমূহত দ্বিপাক্ষিক সহযোগিতা, আঞ্চলিক পৰিস্থিতি আৰু গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহ আলোচনা কৰা বুলি তেওঁ উল্লেখ কৰে। ইৰাকৰ নেতাগৰাকীৰ সৈতে হোৱা বৈঠকত পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ লগতে বাদদাদৰ সৈতে ভাৰতৰ কোষ আৰু ভাৰতীয় উদ্যোগ মহাসংঘৰ যৌথ উদ্যোগত আয়োজন কৰা এই সন্মিলনত আগশাৰীৰ কোম্পানীবোৰৰ প্রায় ২৫ গৰাকী প্ৰতিনিধিয়ে অংশগ্রহণ কৰিব বুলি আশা কৰা হৈছে। এই সন্মিলনৰ সময়ত কৰ্পৰেট সামাজিক দায়বদ্ধতা কোষে বিভিন্ন ৰাজ্যৰ চৰকাৰী বিভাগে চিহ্নিত কৰা ৮৫ টা প্ৰকল্প সম্ভাব্য কৰ্পৰেট পুজিৰ বাবে প্ৰদৰ্শন কৰিব ।
Assamese | September 25, 2026 8:15 PM | S. Joysanakr
বিভিন্ন ৰাষ্ট্ৰৰ নেতাসকলৰ সৈতে ড০ এছ জয়শংকৰৰ কূটনৈতিক বৈঠকত মিলিত