May 23, 2025 8:23 PM

views 34

বার্লিনত জার্মান চেন্সেলৰ ফ্ৰেডৰিক মাৰ্জক সাক্ষাৎ ড° এছ জয়শংকৰৰ

বিদেশ মন্ত্রী ড° এছ জয়শংকৰে আজি বার্লিনত জার্মান চেন্সেলৰ ফ্ৰেডৰিক মাৰ্জক সাক্ষাৎ কৰে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ শুভেচ্ছা দিয়াৰ লগতে সন্ত্ৰাসবাদৰ দৰে প্ৰত্যাহ্বানৰ ভাৰতে দিয়া প্ৰত্যুত্তৰত জার্মানীয়ে আগবঢ়োৱা সমর্থনৰ বাবে প্ৰশংসা কৰে। ভাৰত আৰু জাৰ্মানীৰ কৌশলগত সহযোগিতা উন্নত আৰু বিস্তাৰিত কৰাৰ অৰ্থে মাৰ্জ চৰকাৰৰ সৈতে একেলগে কাম কৰাৰ বাবে আগ্রহী বুলিও তেওঁ উল্লেখ কৰে। ড° জয়শংকৰে লগতে জার্মান চেন্সেলৰগৰাকীৰ বিদেশ তথা সুৰক্ষা নীতিৰ উপদেষ্টাগৰাকীৰ সৈতেও আজি আলোচনা কৰে। দুয়োগৰাকী নেতা...