সীমান্ত নিৰাপত্তা বাহিনী- বি এছ এফে ভাৰত-বাংলাদেশ আন্তঃৰাষ্টীয় সীমান্তকে ধৰি বিভিন্ন সীমান্তত নিয়োজিত হৈ থকা সীমা প্ৰহৰীসকলৰ সৈতে মিঠাই বিতৰণ আৰু একতা তথা ভাতৃত্বৰ বাৰ্তা প্ৰেৰণ কৰি দীপাৱলী উদযাপন কৰে। বি এছ এফৰ এগৰাকী মুখপাত্রই প্রকাশ কৰা মতে বাহিনীটোৰ ত্ৰিপুৰা সীমান্তৰ সঞ্চালক প্রধান প্রিন্সি বাণীয়ে বিভিন্ন স্থানত বাহিনীটোৰ বিষয়া-জোৱানসকলৰ সৈতে এই উদযাপনত অংশগ্ৰহণ কৰে। উদযাপনৰ সময়ত সঞ্চালক প্ৰধানগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় সীমান্তত সুৰক্ষা প্ৰদান কৰাৰ লগতে সীমান্তৰ সিপাৰৰ অপৰাধ ৰোধ কৰাৰ ক্ষেত্ৰত সীমা প্ৰহৰীসকলৰ একাগ্ৰতা, প্রতিশ্রুতি আৰু সাহসৰ শলাগ লয়। তেওঁ লগতে দেশৰ সুৰক্ষা নিশ্চিত কৰাৰ স্বাৰ্থত উৎসৱৰ বতৰ তথা অন্যান্য উপলক্ষ্যসমূহত পৰিয়ালৰ পৰা আঁতৰত থকা সেনা-জোৱানসকলৰ ত্যাগৰো শলাগ লয়।
ইপিনে প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা বিজেপি নেতা প্রতিমা ভৌমিকেও আগৰতলাৰ আখৌৰা সংহত ছাউনীত সীমান্ত প্ৰহৰা বাংলাদেশ-বি জে বিৰ সদস্য আৰু বি এছ এফৰ জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীভৌমিকে কয় যে দেশৰ সুৰক্ষা সুনিশ্চিত কৰাৰ স্বাৰ্থত বি এছ এফৰ সেনা-জোৱানসকল বছৰৰ সকলো সময়তে আন্তঃৰাষ্ট্ৰীয় সীমান্তত নিয়োজিত হৈ সেৱা আগবঢ়াই আহিছে। তেওঁ যি সময়ত সমগ্র দেশবাসীয়ে নিজৰ পৰিয়ালৰ সৈতে পোহৰৰ উৎসৱ দীপাবলী উদযাপন কৰে, সেই সময়ত এই সেনা-জোৱানসকলে পৰিয়ালৰ পৰা আঁতৰত থাকি দেশক সুৰক্ষা প্রদান কৰে।