June 20, 2026 10:50 PM | pm modi pm

printer

বিভিন্ন কল্যানমূলক আঁচনি আৰু সজাগতামূলক পদক্ষেপৰ দ্বাৰা নিজকে সৱল কৰি জনজাতীয় সম্প্ৰদায়সমূহে দেশৰ উন্নয়ন যাত্ৰাৰ সক্ৰিয় অংশগ্ৰহণকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন কল্যানমূলক আঁচনি আৰু সজাগতামূলক পদক্ষেপৰ দ্বাৰা নিজকে সৱল কৰি জনজাতীয় সম্প্রদায়সমূহে দেশৰ উন্নয়ন যাত্ৰাৰ সক্ৰিয় অংশগ্ৰহণকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। 

ওডিশাৰ ময়ুৰভঞ্জ জিলাৰ ৰায়ৰংপুৰত মোহন চৰণ মাঝিৰ নেতৃত্বৰ ৰাজ্য চৰকাৰখনৰ দুবছৰীয়া কাৰ্যকাল পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এখন জনসভাত অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে কয় যে দশক দশক জুৰি জনজাতীয় লোকসকলে সন্মুখীন হৈ অহা বঞ্চনাৰ স্থান বৰ্তমান শিক্ষা, স্বাস্থ্য, জীৱিকা আৰু সামাজিক প্ৰগতিৰ নতুন সুযোগে লাভ কৰিছে। 

প্ৰধানমন্ত্ৰীয়ে ওডিশা চৰকাৰক দুবছৰীয়া কাৰ্যকালত লাভ কৰা সাফল্যৰ বাবে প্ৰশংসা কৰে আৰু শ্ৰীমাঝিৰ নেতৃত্বত ৰাজ্যখনে দ্রুত উন্নয়নৰ দিশত অগ্ৰসৰ হৈছে বুলি মন্তব্য কৰে । এই উপলক্ষে প্রধানমন্ত্ৰীগৰাকীয়ে ৪৭ হাজাৰ কোটি টকাৰো অধিক ব্যয় সাপেক্ষ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে পূৱ ভাৰতৰ উন্নয়ন ত্বৰান্বিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পুৰ্বোদয় দৃষ্টিভংগীৰ কথা দোঁহাৰে। 

ভাষণ প্ৰসংগত শ্রীমোদীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক জন্মদিনৰ শুভেচ্ছা জনোৱাৰ লগতে আজি পুৱাৰ ভাগত ৰাষ্ট্ৰপতিগৰাকীৰ জন্মভূমি ময়ুভঞ্জৰ পাহাৰপুৰৰ গাওঁখন ভ্রমণ কৰাটো সৌভাগ্যৰ বিষয় বুলি উল্লেখ কৰে।

 ময়ুভঞ্জৰ এগৰাকী জিয়ৰীয়ে দেশৰ সৰ্বোচ্চ সাংবিধানিক পদ অলংকৃত কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে পাহাৰপুৰত শীঘ্ৰেই নৱীকৰণযোগ্য শক্তিৰে পৰিচালিত আৰু আধুনিক ৰাজহুৱা আন্তঃগাথনিৰে সুসজ্জিত সৌৰগাওঁ হিচাপে গঢ়ি তোলা হ’ব বুলি মন্তব্য কৰে। ওডিশাৰ ৰাজ্যপাল ড০ হৰিবাবু তাম্ভাপতি আৰু মুখ্যমন্ত্ৰী শ্ৰী মাঝি এই অনুষ্ঠানত উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।