কেন্দ্ৰীয় চৰকাৰে বিদেশ সচিব বিক্রম মিশ্ৰিৰ কাৰ্যকাল ২০২৬ চনৰ ১৪ জুলাই পর্যন্ত বৃদ্ধি কৰিছে। কেবিনেটৰ নিযুক্তি কমিটিয়ে কার্যকাল বৃদ্ধিত অনুমোদন জনাইছে। শ্রী মিশ্রিয়ে চলিত বৰ্ষৰ ১৫ জুলাইত বিদেশ সচিবৰ দায়িত্ব গ্ৰহণ কৰিছিল। ১৯৮৯ চনৰ ভাৰতীয় বিদেশ সেৱাৰ বিষয়াগৰাকীয়ে ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিভিন্ন পদবীত সেৱা আগবঢ়োৱাৰ লগতে প্রধানমন্ত্ৰীৰ কাৰ্যালয়তো কাম কৰিছিল।
Assamese | November 12, 2024 8:26 AM | India Govt. | Vikram Misri
বিদেশ সচিব বিক্রম মিশ্ৰিৰ কাৰ্যকাল ২০২৬ চনৰ ১৪ জুলাই পর্যন্ত বৃদ্ধি