July 2, 2026 11:30 AM | Hagrama Mahilary

printer

বিটিচিৰ বিভাগীয় পর্যবেক্ষণ বৈঠকত হাগ্ৰামা মহিলাৰীৰ অংশগ্ৰহণ

বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে কালি বিভাগীয় পর্যবেক্ষণ বৈঠকত অংশ লৈ কাম-কাজসমূহৰ পৰ্যালোচনা কৰে। মুছলপুৰত অনুষ্ঠিত এই বৈঠকত পঞ্চদশ বিত্ত আয়োগ আৰু ষষ্ঠ ৰাজ্যিক বিত্ত আয়োগৰ দ্বাৰা বিটিচিলৈ অনুমোদন, লোকনির্মাণ বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, পৌৰসভাকে ধৰি কেইবাটাও বিভাগৰ অধীনৰ কাম-কাজ আৰু বিভিন্ন আঁচনিৰ অধীনত কাৰ্যসূচী ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লোৱা হয়। শ্রীমহিলাৰীয়ে জনসাধাৰণে সৰ্বাধিক সুবিধা লাভ কৰিব পৰাকৈ সকলো প্ৰকল্প নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰাৰ লগতে কাম-কাজসমূহ স্বচ্ছ হোৱাটো নিশ্চিত কৰিবলৈ আহ্বান জনায়। তেওঁ বিটিচিৰ সকলো বিষয়া-কৰ্মচাৰীক উৎসৰ্গিত মনোভাৱ, দায়বদ্ধতা আৰু সমন্বয় ৰক্ষা কৰি কাম কৰিবলৈ আহ্বান জনায়।