বিটিআৰৰ অন্তৰ্গত জিলাকেইখনত ভূমি সম্পৰ্কীয় সেৱা প্ৰদানৰ কাম সুচল কৰি তোলাৰ বাবে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি দ্বিতীয় পৰ্যায়ৰ মিছন বৈসুমুঠি শুভাৰম্ভ কৰে। প্ৰথম পৰ্যায়ৰ এই অভিযানৰ সফলতাৰ পাছত বিটিআৰ প্ৰশাসনে দ্বিতীয় পৰ্যায়ৰ অভিযানৰ জৰিয়তে কেইবাটাও ভূমি সংক্রান্তিয় সেৱা আগবঢ়াবলৈ সাজু হৈছে। উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ৰ এই অভিযানৰ জৰিয়তে ১ লাখ ৬০ হাজাৰৰো অধিক লোকক ১৪টা সেৱা অনলাইন ব্যৱস্থাৰে আগবঢ়োৱা হ’ব। ইয়াৰ বাবে লোকসকলে bwiswmuthi.bodoland.gov.in বা sewasetu.assam.gov.in প’ৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব। ইয়াৰ দ্বাৰা বিটিআৰৰ বাসিন্দাই ২০টা ভূমি সংক্রান্তিয় সেৱা লাভ কৰিব। ৰাজ্যপাল শ্রীআচাৰ্যই এই অভিযানৰ শুভাৰম্ভ কৰি দিয়া ভাষণত এই অভিযানে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবকা সাথ সবকা বিকাশ অভিযানক বাস্তৱায়িত কৰাত সহায় কৰিব বুলি মন্তব্য কৰে। আজিৰ অনুষ্ঠানত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিটিআৰৰ মুৰববী প্রমোদ বড়ো, বিটিআৰৰ বিধায়িনী সভাৰ অধ্যক্ষ কাটিৰাম বড়োৰ লগতে কেইবাগৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷
Assamese | June 15, 2025 7:42 PM | bwiswmuthi bodoland | Governor Laxman Prasad Acharya
বিটিআৰ প্ৰশাসনৰ দ্বিতীয় পৰ্যায়ৰ মিছন বৈসুমুঠি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ দ্বাৰা শুভাৰম্ভ