বিজেপিৰ জ্যেষ্ঠ নেতা লাল কৃষ্ণ আদৱানীৰ ওপজা দিন উপলক্ষে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে। কেইবাখনো সংবাদপত্রত শ্রী আদৱানীৰ ওপজা দিন উপলক্ষে প্রকাশিত প্রবন্ধত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে নেতাগৰাকীয়ে বিজেপিক ৰাষ্ট প্রথম আদর্শ সাৰোগত কৰি দলৰ ভেটি শক্তিশালী কৰাৰ বাবে উৎসাহিত কৰি আহিছে।
শ্রীমোদীয়ে কয় যে এজন নেতা হিচাপে আদৱানীৰ দুটা গুণে আন ৰাজনৈতিক নেতাৰ পৰা পৃথক কৰিছে। এটা হৈছে তেওঁৰ আদর্শগত স্পষ্টতা আৰু আনটো বৌদ্ধিক তীক্ষ্ণতা।
শ্রীআদবানীয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হৈ থকা সময়ত ১৯৮৯ চনত কংগ্ৰেছৰ আসনৰ সংখ্যা ৪০০ৰ পৰা ২০০ লৈ হ্রাস পাইছিল আৰু ১৯৯৬ চনত দলটোত একক সংখ্যাগৰিষ্ঠ হিচাপে পৰিগণিত হৈছিল বুলি শ্রী মোদীয়ে মত প্রকাশ কৰে।
১৯৯১ চনৰ লোকসভা নিৰ্বাচনৰ বিষয়ে স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সেই নির্বাচনত আদৱানীয়েও দুখন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল, তাৰ ভিতৰত এখন আছিল গান্ধীনগৰ। মোদীয়ে সেই সময়ত আদৱানীৰ মনোনয়ন পত্র প্রস্তুত কৰাত সহায় কৰাৰ লগতে নির্বাচনী প্ৰচাৰ অভিযানত সক্রিয়ভাবে অংশগ্রহণ কৰিছিল।
শ্রীমোদীয়ে লগতে কয় যে লালকৃষ্ণ আদৱানিয়ে জীৱনৰ ১০০ বছৰত প্ৰবেশ কৰাৰ এই সময়ত প্রবীণ নেতাগৰাকী স্বাস্থ্যৱান হৈ থাকিবলৈ প্ৰাৰ্থনা কৰাৰ লগতে তেওঁ দেশৰ জনসাধাৰণক সদায় অনুপ্রাণিত কৰি যাব বুলিও আশা প্রকাশ কৰে।