২৯ জুনত অমৰনাথ যাত্ৰা আৰম্ভ হোৱাৰে পৰা বিগত ২২ দিনত ৩ লাখ ৮৬ হাজাৰৰো অধিক ভক্তই পবিত্র অমৰনাথ গুহা দৰ্শন কৰিছে। আমাৰ জন্মৰ সংবাদদাতাই জনাইছে যে ৩,১১৩ গৰাকী তীর্থযাত্ৰীৰ ২৩ সংখ্যক দলটোৱে আজি নিচেই পুৱা সৰুবৰ ১২৩ খন বাহনেৰে জম্মুৰ ভগৱতীনগৰ যাত্ৰী নিৱাসৰ মূল শিবিৰৰ পৰা যাত্ৰা আৰম্ভ কৰে। চলিত বৰ্ষত অমৰনাথ যাত্ৰা ৫২ দিন চলিব আৰু অহা মাহৰ ১৯ তাৰিখে শাওণ পূর্ণিমা আৰু ৰাখী বন্ধনৰ দিনা এই যাত্ৰাৰ সামৰণি পৰিব।
Assamese | July 21, 2024 6:52 PM | Amarnath Yatra
বিগত ২২ দিনত ৩ লাখ ৮৬ হাজাৰৰো অধিক ভক্তৰ পবিত্র অমৰনাথ গুহা দৰ্শন