বিগত ১২ বছৰত দেশে কেবল নক্সালবাদ আৰু বিচ্ছিন্নতাবাদৰ লগতে দৰিদ্ৰতাৰ বিৰুদ্ধে জয়ী হৈছে বুলি প্রধানমন্ত্রী মোদীৰ প্রকাশ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয়, যে ২০ খন ৰাজ্যৰ ২৩০ খন জিলা পূর্বে নক্সালবাদৰ দ্বাৰা প্ৰভাৱিত আছিল। বিহাৰ, মহাৰাষ্ট্র, ওড়িশা, মধ্যপ্রদেশ, উত্তৰ প্ৰদেশ আৰু চত্তিশগড়ত এই সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰিছিল। ২০০৪ৰ পৰা ২০১৩ চনলৈ প্ৰতি বছৰে নক্সালবাদীসকলৰ হাতত বহু সংখ্যক সুৰক্ষা কৰ্মীয়ে প্রাণ হেৰুৱাইছে।

শ্রী মোদীয়ে কয়, যে প্ৰথমবাৰৰ বাবে ৪৮ বছৰৰ মূৰত যোৱা বছৰ এজনো চি আৰ পি এফ জোৱানে কর্তব্যৰত অৱস্থাত প্রাণ হেৰুওৱা নাই। দেশৰ সঠিক নীতি আৰু দৃঢ়তাৰ বাবে এয়া সম্ভৱ হৈ উঠিছে বুলি প্রধানমন্ত্রীয়ে মন্তব্য কৰে।

সুৰক্ষা বাহিনী আৰু দেশৰ সুৰক্ষাৰ কামত অন্য কর্মীসকলৰ অদম্য সাহস, দৃঢ়তা আৰু ত্যাগৰ বাবেই এই সাফল্য অৰ্জন কৰিব পৰা গৈছে। এই অমূল্য অৱদানৰ স্বীকৃতি স্বৰূপে সৈনিকসকলৰ সৈতে দীপাৱলী উদযাপনৰ সিদ্ধান্ত লোৱা বুলি প্রধানমন্ত্রীয়ে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশে যেতিয়াৰ পৰা ৰাষ্ট্ৰ প্ৰথম নীতিৰে কাম কৰিবলৈ আৰম্ভ কৰিছে তেতিয়াৰে পৰা শান্তি আৰু সুৰক্ষাৰ ক্ষেত্ৰত উন্নতিৰ নতুন শিখৰত উপনীত হৈছে। তেওঁ লগতে কয় যে বিগত ১২ বছৰত দেশে কেবল নক্সালবাদ আৰু বিচ্ছিনতাবাদৰ বিৰুদ্ধে জয়ী হোৱাই নহয়, দৰিদ্ৰতাৰ বিৰুদ্ধে যুদ্ধখনতো দেশ আগুৱাই গৈছে।

শ্রীমোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে প্রায় ৫০ কোটি লোক অতি দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰা ওলাই আহিবলৈ সমৰ্থ হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি বাষ্টাৰৰ কৰনপুৰত থকা সুৰক্ষা শিবিৰো পৰিদৰ্শন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।