বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কৈছে যে, বিগত ১০ বছৰত বিজেপিয়ে এখন সুস্থিৰ চৰকাৰ দিছে, যিখন চৰকাৰে তিনি তালাক প্ৰথা আৰু অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ লেখিয়া গুৰুত্বপূৰ্ণ বিষয়সমূহৰ নিষ্পত্তিত সহায় কৰিছিল। বিজেপি মহা মিত্রজোটৰ প্ৰাৰ্থী প্রতাপ ৰাও যাধৱৰ হৈ নির্বাচনী প্ৰচাৰৰ উদ্দেশ্যে আজি বুলধানা জিলাত এখন জনসভাত ভাষণ দি শ্রীনাড্ডাই এই কথা প্ৰকাশ কৰে। বিগত ১০ বছৰত এন ডি এ চৰকাৰৰ বিভিন্ন সাফল্যৰ বিষয়ে উল্লেখ কৰি শ্ৰীনাড্ডাই কয় যে, কেন্দ্রীয় চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত দেশৰ ৫ কোটি জনসাধাৰণক পকী ঘৰ প্ৰদান কৰাৰ লগতে দৰিদ্ৰ লোকসকলৰ বাবে বিনামূলীয়া ৰেচন, খোৱা পানী আৰু বিদ্যুৎ যোগান আদিৰ দৰে মৌলিক সা- সুবিধাসমূহ সুনিশ্চিত কৰিছে। তেওঁ লগতে কয় যে, ভাৰতে সদায় এখন শক্তিশালী, সুস্থিৰ তথা নির্ণায়ক চৰকাৰৰ কামনা কৰি আহিছিল। বৰ্তমান ভাৰত বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অর্থনীতি হিচাপে বিবেচিত হৈছে বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে, বিজেপি চৰকাৰ পুনৰবাৰ ক্ষমতালৈ আহিলে আমাৰ দেশ শীঘ্ৰেই বিশ্বৰ তৃতীয় সর্ববৃহৎ অর্থনীতিলৈ উন্নীত হ’ব আৰু ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ’ব।
Assamese | April 21, 2024 8:12 PM | JP Nadda
বিগত ১০ বছৰত বিজেপিয়ে এখন সুস্থিৰ চৰকাৰ দিছেঃ জে পি নাড্ডা