বিকশিত ভাৰত যুৱ আলোচনা দেশৰ যুৱ প্ৰজন্মক ৰাষ্ট্ৰৰ বিকাশ যাত্ৰাত অন্তৰ্ভুক্ত কৰাৰ এটা অনন্য উদ্যম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্য মন্ত্ৰী ৰক্ষা খড়ছেই ৰাষ্ট্ৰীয় যুৱ উৎসৱ ২০২৫ আৰু বিকশিত ভাৰত যুৱ নেতা আলোচনা সন্দৰ্ভত লিখা এখন পত্র বিনিময় কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি কয়, যে বিকশিত ভাৰতৰ সপোন বাস্তবায়িত কৰাৰ বাবে যুৱক-যুৱতীসকলৰ শক্তি, সৃজনশীলতা আৰু নেতৃত্বক দিশ প্ৰদান কৰাই এই আলোচনাৰ মূল উদ্দেশ্য। প্রধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত বিকশিত ভাৰত যুৱ নেতা আলোচনাত ভাগ ল’ব। তেওঁ এই আলোচনাত তিনি হাজাৰ যুৱ নেতাৰ সৈতে মত বিনিময় কৰিব । এই অনুষ্ঠানত যুৱ নেতাসকলে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰত দৃষ্টিভংগী সন্দৰ্ভত উপস্থাপন দিব। এই যুৱ নেতাসকলক বিকশিত ভাৰত প্ৰত্যাহ্বানৰ মাজেৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বাচনি কৰা হৈছে। এই উপলক্ষে শ্রী মোদীয়ে এটা জনসমাৱেশক উদ্দেশি ভাষণো দিব। প্রধানমন্ত্রীয়ে লগতে আলোচনাত অংশগ্ৰহণকাৰীসকলে ১০ টা বিষয়ত লিখা শ্ৰেষ্ঠ ৰচনাৰ এটা সংকলনো উন্মোচন কৰিব।
Assamese | January 12, 2025 11:10 AM | PM Modi @Youth Day
বিকশিত ভাৰত যুৱ আলোচনা দেশৰ যুৱ প্ৰজন্মক ৰাষ্ট্ৰৰ বিকাশ যাত্ৰাত অন্তৰ্ভুক্ত কৰাৰ এটা অনন্য উদ্যম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উল্লেখ