কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মন্দাভিয়াই চলিত বিকশিত ভাৰত কুইজ প্রতিযোগিতাত অংশগ্ৰহণ কৰাৰ সময়সীমা অহা ১০ ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে বুলি ঘোষণা কৰিছে। যুৱক-যুৱতীসকলে এই কুইজ প্রতিযোগিতাত ভাগ লোৱাৰ বাবে মাই ভাৰত প্লেটফৰ্ম চাব পাৰে। উল্লেখযোগ্য যে, ১৫ৰ পৰা ২৯ বছৰ বয়সৰ সকলো যুৱক-যুৱতীয়ে এই প্ৰতিযোগিতাত ভাগ লৈ বিকশিত ভাৰতৰ বাবে নিজৰ ধাৰণাসমূহ প্ৰকাশ কৰিব পাৰে। এই প্ৰতিযোগিতাত বিজয়ীসকলে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অহা ১১ আৰু ১২ জানুৱাৰীত হ’বলগীয়া অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বিকশিত ভাৰত সন্দৰ্ভত থকা নিজৰ ধাৰণাসমূহৰ বিষয়ে মত বিনিময় কৰিব পাৰে।
Assamese | December 6, 2024 10:59 AM | Akashvani | PM Modi Urges Youth to Join Quiz for Viksit Bharat Young Leaders Dialogue
বিকশিত ভাৰত কুইজ প্রতিযোগিতাত অংশগ্ৰহণৰ সময়সীমা ১০ ডিচেম্বৰলৈ বৃদ্ধি