July 13, 2026 12:13 PM | Nasha Mukta Bharat

printer

বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱক-যুৱতী শীর্ষক ৰাষ্ট্ৰজোৰা অভিযানৰ পৰৱৰ্তী পর্যায় মুকলি

যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রালয়ে মেৰা যুবা ভাৰত প’ৰ্টেলৰ জৰিয়তে বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱক যুৱতী শীর্ষক ৰাষ্ট্ৰজোৰা অভিযানৰ পৰৱৰ্তী পর্যায় মুকলি কৰিছে। এই অভিযানক অধীনত জিলা পৰ্যায়ৰ পৰা আৰম্ভ কৰি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত প্রতিযোগিতা অনুষ্ঠিত হ’ব। মন্ত্রালয়ে জনোৱা মতে ইয়াৰ বাবে আজিৰে পৰা মাই ভাৰত প’ৰ্টেলত পঞ্জীয়ন আৰম্ভ হ’ব। চলিত মাহৰ ২৪ৰ পৰা ২৭ জুলাইলৈ জিলা পর্যায়ত প্রতিযোগিতাসমূহ অনুষ্ঠিত হ’ব। জিলা পৰ্যায়ৰ বিজয়ীসকলে ৰাজ্যিক পৰ্যায়ৰ বাছনিৰ ৰাউণ্ডত প্রতিদ্বন্দ্বিতা কৰিব আৰু ৰাজ্যিক বিজেতাসকলক অহা ১২ আৰু ১৩ আগষ্টত নতুন দিল্লীত হ’বলগীয়া ৰাষ্ট্ৰীয় যুৱ সম্মিলনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফাইনেলত অৱতীর্ণ হোৱাৰ বাবে আমন্ত্রণ জনোৱা হ’ব। মাই ভাৰতে জিলাভিত্তিত নৃত্য-গীত, বীল আৰু চুটি ছবি, বাটৰ নাট আৰু কবিতা আবৃত্তিকে ধৰি মুঠ পাঁচটা শাখাত প্রতিযোগিতাসমূহ অনুষ্ঠিত কৰিব। ১৫ৰ পৰা ২৯ বছৰ বয়সৰ যুৱক-যুবতীসকলে এই অংশগ্রহণ কৰিব পাৰিব আৰু হিন্দী, ইংৰাজী অথবা যিকোনো এটা আঞ্চলিক ভাষাত প্রতিযোগিতাৰ বিষয়সমূহ দাখিল কৰিব পাৰিব।