জাপানৰ আইচি-নাগোয়াত আজি বিংশতম এছিয়ান গেমছ আৰম্ভ হ’ব। পালমা মিজুহো ষ্টেডিয়ামত আয়োজিত মুকলি অনুষ্ঠানত দ্বৈত অলিম্পিক পদক বিজয়ী শ্বুটাৰ মনু ভাকৰ আৰু শ্বটপুট খেলুৱৈ তাজিন্দপাল সিং তুৰে ভাৰতীয় দলৰ পতাকা বহন কৰিব ৷ অহা চাৰি অক্টোবৰলৈ হ’বলগীয়া এই প্ৰতিযোগিতাত ভাৰতৰ ৫০০ তকৈও অধিক এথলীটে ৩৭ টা শাখাত অংশগ্ৰহণ কৰিব।
ভৰিৰ গাঁঠিৰ আঘাতৰ বাবে জেভলিন থ্ৰ’ৰ যোৱাবাৰৰ বিজয়ী নীৰজ চোপ্ৰাই অংশ ল’ব পৰা নাই যদিও দলটোত ৫ জনকৈ অলিম্পিক পদক বিজয়ী ক্রীড়াবিদ আছে। বেডমিণ্টনত পি ভি সিন্ধু, ভাৰোত্তোলনত মীৰাবাই চানু, বক্সিঙত লাভলীনা বৰগোহাঁই আৰু মল্লযুঁজত আমান শেহৰাৱতে ভাৰতীয় দলক নেতৃত্ব প্রদান কৰিব।
এইবাৰ ৪৫ খন দেশৰ ক্ৰীড়াবিদে ৪৩ টা ক্রীড়া শাখাত ৪৬৯ টা পদকৰ বাবে প্রতিদ্বন্দ্বিতা আগবঢ়াব। জাপানে ১৯৫৮ চনত টকিঅ’ আৰু ১৯৯৪ চনত হিৰোশ্বিমাৰ পাছত তৃতীয়বাৰলৈ এই মহাদেশীয় প্রতিযোগিতাখন আয়োজন কৰিছে।