বাৰাণসীত ‘ফিট ইণ্ডিয়া চাণ্ডেজ অন চাইকেল’ৰ ৯৪ সংখ্যক সংস্কৰণ অনুষ্ঠিত

স্বাস্থ্য সচেতনতা, যুৱ সবলীকৰণ আৰু নিচামুক্ত ভাৰত গঠনৰ বাৰ্তাৰে আজি বাৰাণসীত ‘ফিট ইণ্ডিয়া চাণ্ডেজ অন চাইকেল’ৰ ৯৪ সংখ্যক সংস্কৰণ অনুষ্ঠিত হয়।

“বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ সমাজ” বিষয়বস্তুক লৈ পুৱা ৬ বজাৰ পৰা নমো ঘাটৰ পৰা সম্পূর্ণানন্দ সংস্কৃত বিশ্ববিদ্যালয়ৰ দীক্ষা মণ্ডপলৈ এই চাইকেল সমদলৰ আয়োজন কৰা হয়।

যুৱ প্ৰজন্মৰ লগতে ক্রীড়াবিদ আৰু সাধাৰণ নাগৰিকক স্বাস্থ্যকৰ জীৱনশৈলী গ্রহণ আৰু নিচাজাতীয় দ্ৰব্যৰ পৰা আঁতৰি থাকিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রালয়ে ‘চাইক্লিং ফেডাৰেশ্যন অৱ ইণ্ডিয়া’, ‘ৰাহগিৰী ফাউণ্ডেশ্যন’ আৰু ‘মাই ভাৰত’ৰ সহযোগত এই কাৰ্যসূচীৰ আয়োজন কৰিছে। এই চাইকেল সমদল দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ আঞ্চলিক কেন্দ্রসমূহতো একলগে অনুষ্ঠিত কৰা হয়।