উচ্চতম ন্যায়ালয়ে আজি ৰায়দানযোগে জনায় যে বাল্য বিবাহ নিষেধাজ্ঞা আইন ব্যক্তিগত আইনৰ দ্বাৰা স্তব্ধ কৰিব নোৱাৰি। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়, ন্যায়াধীশ জে বি পার্ডিৱালা আৰু মনোজ মিশ্ৰই দেশত বাল্য বিবাহ প্ৰতিৰোধ আইনখন ফলপ্রসূ ৰূপায়ণৰ বাবে নিৰ্দেশনা জাৰি কৰে। ৰায় ঘোষণাৰ সময়ত মুখ্য ন্যায়াধীশ চন্দ্রচূড়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে বাল্য বিবাহ প্ৰতিৰোধ আৰু নাবালক সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত আৰু লগতে অপৰাধীক উচিত শাস্তি প্ৰদান কৰাও জৰুৰী। উল্লেখযোগ্য যে বাল্য বিবাহ ৰোধ কৰাৰ বাবে আৰু সমাজৰ পৰা ইয়াক নিৰ্মূল কৰাটো নিশ্চিত কৰিবলৈ বাল্য বিবাহ নিষেধাজ্ঞা আইন ২০০৬ চনত প্ৰণয়ন কৰা হৈছিল।
Assamese | October 18, 2024 7:57 PM | SC Decision
বাল্য বিবাহ নিষেধাজ্ঞা আইন ব্যক্তিগত আইনৰ দ্বাৰা স্তব্ধ কৰিব নোৱাৰি : উচ্চতম ন্যায়ালয়